অসম

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ "আলিটাঙনী যুৱ মহোৎসৱ-২০২৪"

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু) নগাঁও জিলা সমিতিৰ অন্তৰ্গত আলিটাঙনী আঞ্চলিক আমছুৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক "আলিটাঙনী যুৱ মহোৎসৱ-২০২৪" দেওবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে।

আলিটাঙনী চাৰিআলিত অনুষ্ঠিত "আলিটাঙনী যুৱ মহোৎসৱ-২০২৪"ৰ আজি পুৱা মূল প্ৰবেশদ্বাৰ মুকলি কৰে শিক্ষক আনাৰুল ইছলামে। পাছত পতাকা উত্তোলন কৰে আমছুৰ নগাঁও জিলাৰ সভাপতি আব্দুল নুৰ, আলিটাঙনী আঞ্চলিক আমছুৰ সভাপতি আবু বক্কৰ চিদ্দিক আৰু কাৰ্য্যকৰী সভাপতি ছাব্বিৰ আহমেদে। পাছত গছপুলি ৰোপণ, শ্বহীদ তৰ্পনৰ অন্তত গজল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

১১ বজাত হাচেন আলী চাহাব সোৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। "শুৱনি আমাৰ গাওঁখন অতি শুৱনি গছেৰে ভৰা" শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক আসন গ্ৰহণ কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই। আবু চাদিক কবিৰ আৰু মাজিদুল ইছলামে আঁত ধৰা সমগ্ৰ কাৰ্যসূচীত পৰবৰ্তী সময়ত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, আৰু আমছুৰ ন পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। সন্ধিয়া জিকিৰ জাৰি আৰু ডিজিটেল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।