bjp  
অসম

নিৰাপত্তাহীন বিজেপি নেত্ৰী! অশ্লীল ইংগিত দিয়া ৰাজ্যিক বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা নল'লে আত্মহত্যাৰ হুংকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোনো নথকাৰ সুযোগত বিজেপিৰ এগৰাকী নেত্ৰীক এজন বিজেপি নেতাই অশুভ ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত নেত্ৰীগৰাকীয়ে ৰাজ্যিক সম্পাদকৰ পদবীত থকা বিজেপি নেতাজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে।

সেই অভিযোগ পত্ৰত দীৰ্ঘদিন ধৰি কাৰ্যালয়ৰ ভিতৰত তেওঁক অশ্লীল ইংগিত দিয়াৰ লগতে নিৰ্যাতন চলোৱাৰ কথা সৱিস্তাৰে উল্লেখ কৰিছে। উল্লেখ্য যে, অভিযোগ দাখিল কৰা বিজেপি নেত্ৰীগৰাকী বিজেপি কাৰ্যালয়ৰ সম্পাদিক পদত কাৰ্যনিৰ্বাহ কৰি আছে।

আনহাতে নিৰ্যাতন চলোৱাৰ অভিযোগৰ আঙুলি উঠা বিজেপি নেতাজন এটা মৰ্চাৰ ৰাজ্যিত সম্পাদক। অভিযোগ পত্ৰত এই নেতাজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি গ্ৰহণ নকৰিলে আত্মহত্যাৰ ভাবুকি দিছে ভুক্তভোগী বিজেপি নেত্ৰীগৰাকীয়ে।