অসম

প্ৰতিষ্ঠিত চিকিৎসকৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীক মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ এজন চিকিৎসকৰ বিৰুদ্ধে ৷ জানিব পৰা মতে যোৱা ৮ মাৰ্চত যুৱতীগৰাকী চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক নাৰায়ন উপাধ্যায়ৰ ব্যক্তিগত চেম্বাৰলৈ গৈছিল ৷ যুৱতীগৰাকীয়ে নিজ পিতৃৰ সৈতে চিকিৎসকগৰাকীৰ চেম্বাৰত সোমাইছিল যদিও চিকিৎসকগৰাকীয়ে যুৱতীগৰাকীৰ পিতৃক চেম্বাৰৰ পৰা ওলাই যাবলৈ কয় ৷

তাৰ পিছতেই যুৱতীগৰাকীয়ে দিয়া অভিযোগ অনুসৰি চিকিৎসকগৰাকীয়ে যুৱতীগৰাকীক অসৎ মানসিকতাৰে শাৰীৰিক নিৰ্যাতন চলায় ৷ যুৱতীগৰাকীয়ে চিকিৎসকগৰাকীৰ এই দৃশ্য গোপন কেমেৰাত বন্দী কৰাত চিকিৎসকগৰাকীয়ে ক্ষমা খোজে ৷ তাৰ পিছতেই ভুক্তভোগী যুৱতীগৰাকীয়ে ৮ মাৰ্চত ডিব্ৰুগড় আৰক্ষী থানাত চিকিৎসকগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷

এই অভিযোগৰ পিছত বহু লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায় বিচাৰিছে যুৱতীগৰাকীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব।