অসম

হাজোত স্বামী-শহুৰেকৰ অকথ্য নিৰ্যাতন! হত্যা কৰি বোৱাৰীক দিলে জ্বলাই

Asomiya Pratidin

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ হেমদলত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। বৃহস্পতিবাৰে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

মৃত্যুক সাৱতি লোৱা মহিলাগৰাকীৰ নাম অংগিতা কলিতা। মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি স্বামীৰ পৰিয়ালে হত্যা কৰিছে অংগিতাক। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি অংগিতাক স্বামী হৰেশ্বৰ ডেকা আৰু শহুৰেক কামেশ্বৰ ডেকাই শাৰীৰিক নিৰ্যাতন কৰি আহিছিল।

সৰু সৰু কথাত মাৰপিট কৰাৰ লগতে শহুৰেকে অকথ্য নিৰ্যাতন চলাইছিল। ঘটনা সংঘটিত হোৱাৰ দিনাও অংগিতাই পৰিয়ালক ফোন কৰি অত্যাচাৰ কৰাৰ কথা কৈছিল। পুৱাৰ পৰা মাৰপিট কৰি আছিল মহিলাগৰাকীক।

তাৰ কিছু সময় পাছতে মহিলাগৰাকীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয়। অভিযোগ অনুসৰি প্ৰথমে মহিলাগৰাকীক হত্যা কৰে আৰু পাছত জ্বলাই দিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।