অসম

আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে কিশোৰীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা দেৰগাঁও আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা কিৰন নাথ নামৰ উচ্চ পদস্থ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে এগৰাকী কিশোৰীৰ পৰিয়ালৰ লোকে ।পোন্ধৰ বছৰীয়া কিশোৰী গৰাকীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ।

আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা DSP কিৰণ নাথৰ বিৰুদ্ধে এগৰাকী নাবালিকা বনকৰা  ছোৱালীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ মতে নাবালিকাগৰাকী সৰুৰে পৰা আৰক্ষী বিষয়া কিৰণ নাথৰ গৃহত বনকৰা ছোৱালী হিচাপে কৰ্মৰত আছিল।

কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে বহুদিনৰ পৰা এই আৰক্ষী বিষয়া জনে কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও যৌন আতিশয্য চলাই আহিছিল।

শুকুৰবাৰে সন্ধ্যাৰ ভাগত বনকৰা কিশোৰীগৰাকীৰ ঘৰলৈ  গৈ আৰক্ষী বিষয়া কিৰণ নাথে বিভিন্ন ভাবুকি দি পুনৰ কণমানি গৰাকীক  নিজৰ গাড়ীত উঠাই যৌন আতিশয্য চলোৱাৱ চেষ্টা কৰে। কিশোৰী গৰাকীয়ে পৰবৰ্তী সময়ত  ঘটনাৰ সবিশেষ মাতৃৰ লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

পৰিয়ালৰ লোকে দেৰগাওঁ আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত অৱগত কৰিবলৈ অহাৰ সময়ত DSP কিৰণ নাথৰ পত্নীয়ে আৰক্ষীক ঘটনাটো অৱগত নকৰিবলৈ টনা- আজোঁৰা কৰে আৰু যাৰ ফলত থানা চৌহদৰ ভিতৰত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। ইতিমধ্যে দেৰগাঁও আৰক্ষী থানাত পৰিয়ালৰ লোকে ন্যায়ৰ লগতে অভিযুক্তক  উচিত শাস্তি প্ৰদান কৰিবলৈ এজাহাৰ দাখিল কৰিছে।