অসম

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনিয়মৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ মাধ্যমিক শিক্ষাৰ পুৰণি শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দীর্ঘদিন ধৰি চলি অহা ব্যাপক দুর্নীতি-অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থা। বিদ্যালয় কর্তৃপক্ষৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে শিক্ষানুষ্ঠানখন বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ অহাই নহয়, ছাত্র-ছাত্রীসকলে উপযুক্ত শিক্ষাৰ পৰিবেশ লগতে বিভিন্ন চৰকাৰী সুবিধা আৰু প্ৰাপ্য পৰা বঞ্চিত হোৱা ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে ৷

উল্লেখ্য যে বিদ্যালয়খনৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰা ১৮দফীয়া দাবী সম্বলিত এখন স্মাৰক- পত্ৰ চৰাইদেউ জিলাৰ আয়ুক্তক যোৱা ৩১ আগষ্টত প্রদান কৰিছিল। এই পত্ৰযোগে বিদ্যালয়খনত সৃষ্টি হোৱা অনিয়ম আৰু দুৰ্নীতি তদন্ত কৰিবলৈ দাবী জনাইছিল ৷

ইয়াৰ পিছতেই বিদ্যালয়খনত সৃষ্টি হোৱা অনিয়ম প্রদান সন্দৰ্ভত বৃহস্পতিবাৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ জিলা আয়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক-পত্ৰৰ যোগেদি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অটুট ৰখাৰ স্বাৰ্থত বৰ্তমানৰ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়।