অসম

অম্মুবাচী মেলাৰ সময়ত মহানগীৰত কোন দিশেৰে চলাব বাহন? চাওক প্ৰশাসনৰ নিৰ্দেশনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলাৰ। এই সময়চোৱাত লাখ লাখ ভক্তৰ সমাগম ঘটিব নীলাচলৰ বুকুত থকা কামাখ্যা ধামলৈ। তীব্ৰ যান-জটৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে অম্বুবাচী মেলাৰ বাবে যান-বাহন চলাচলত মহানগৰ প্রশাসনৰ নিষেধাজ্ঞা জাৰি কৰে।

২২ৰ পৰা ২৬ জুনলৈ যান-বাহন চলাচলত বিশেষ নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ। নিৰ্দেশনা অনুসৰি মন্দিৰ আৰু স্থানীয় বাসিন্দাসকলে নিব পাৰিব বিশেষ বাহন।ডিজি ৰোড, এমজি ৰোডেৰে সামগ্রী কঢ়িওৱা বাহন চলাব নোৱাৰিব।এ.টি ৰোডেৰেও সামগ্রী কঢ়িওৱা বাহন চলাচলত নিষেধাজ্ঞা।

অৱশ্যে নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ চলাচলত অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। ডিজি ৰোড, এমজি ৰোডেৰে চলাব নোৱাৰিব কোনোধৰণৰ যাত্রীবাহী বাছ।

এ.টি ৰোডেৰেও আন্তঃজিলা বা বাহিৰলৈ যোৱা বাছ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হয়। মালিগাঁও দিশৰ পৰা অহা বাহনসমূহ কামাখ্যা গেটৰ সমীপত ৰখাব লাগিব। ভৰলুমুখ দিশৰ পৰা যোৱা বাহনসমূহ পাৰ্কিং কৰিব পাৰিব সোণাৰাম ফিল্ডত।

উভতি যোৱা বাহনখিনি বঢ়িপাৰা ফিল্ড অথবা আদাবাৰী বাছ আস্থানত ৰাখিব পাৰিব। পাণ্ডু মন্দিৰ গেটৰ পৰা কামাখ্যা ত্রিনাথ মন্দিৰ পথত ৰাখিব নোৱাৰিব বাহন।