অসম

টাইকোৱাণ্ডোত এঞ্জেলপ্ৰিয়া শইকীয়াৰ ৰূপৰ পদক অৰ্জন

Asomiya Pratidin

ডিজিটেল সংবাদ, নামতি : যোৰহাটস্থিত Delhi public school ত শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় আন্তঃ বিদ্যালয় প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ১২ বছৰ অনুৰ্ধৰ শাখাত টাইকোৱাণ্ডোৰ কিউগীত অংশগ্ৰহণ কৰি আমগুৰি নগৰৰ বাসিন্দা আকাশ শইকীয়া আৰু মধুস্মিতা ফুকন শইকীয়াৰ কন্যা এঞ্জেলপ্ৰিয়া শইকীয়াই চিলভাৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছ।

এঞ্জেলপ্ৰিয়া শইকীয়া আমগুৰি ডনবস্কো হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। সৰুৰে পৰাই টাইকোৱাণ্ডোৰ প্ৰতি খুবেই আগ্ৰহী এঞ্জেলপ্ৰিয়াই দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এঞ্জেলপ্ৰিয়াই ইতিমধ্যে নিজৰ নাম অসম বুক অৱ ৰেকৰ্ডচতো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এঞ্জেলপ্ৰিয়াই আমগুৰিস্থিত আচাম টাইকোৱাণ্ডো ইণ্ডিয়াত মাষ্টাৰ ৰাজু কোঁ‌ৱৰৰ তত্বাৱধানত টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ লৈ আছে।