অসম

বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান

Asomiya Pratidin
  • ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান।

  • মঙলবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি হয় বিশিষ্ট সাংবাদিকগৰাকীৰ।

  • বৰুৱা জনমভূমি, দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদকো আছিল।

  • ১৯৩৯ চনত জন্মলাভ কৰা বৰুৱাৰ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয়।

  • সোমবাৰে সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক।

  • আজি সন্ধিয়া ৬.৫০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

  • অসমৰ সংবাদ ক্ষেত্ৰখনৰ অতিকে প্ৰভাৱশালী ব্যক্তিগৰাকী ইতিপূৰ্বেও হৃদৰোগত আক্ৰান্ত হোৱাত এবাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।

  • ইফালে সংবাদ ক্ষেত্ৰৰ আন এগৰাকী বলিষ্ঠ কণ্ঠ ৯০ উৰ্ধৰ সাংবাদিক ধীৰণে চক্ৰৱৰ্তী চিকিৎসাধীন হৈ থকা অৱস্থাতে হঠাৎ অনিল বৰুৱাৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে।

  • উল্লেখ্য যে, ৩ কন্যা সন্তানৰ পিতৃ বৰুৱাৰ নশ্বৰ দেহৰ অন্তোষ্টিক্ৰিয়া বাংগালুৰুত থকা কনিষ্ঠ কন্যা আহি পোৱাৰ পাছত বুধবাৰে সম্পন্ন কৰা হ'ব।