অসম

APSCৰ পৰীক্ষাত সাফল্য মাজবাটৰ অনুপম দাসৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাং:-বহু বছৰ বিৰতিৰ মূৰত ওদালগুৰি জিলাৰ মাজবাটলৈ সু খবৰ। মাজবাট অঞ্চলৰ পৰা অসম অসামৰিক সেৱাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় অনুপম দাসে। বহু বছৰ .ধৰি কোনোৱে অঞ্চলটোৰ পৰা এপিএছপিত উত্তীৰ্ণ হোৱা নাছিল।

মাজবাটৰ মুৰকাটিৰ অবসৰপ্ৰাপ্ত শিক্ষক শৰৎ দাসৰ পুত্ৰ অনুপম দাস। যুৱকজনলৈ আপকু, বড়োলেণ্ড সাংবাদিক সংস্থাৰ ওদালগুৰি জিলা সমিতি,পূব ওদালগুৰি সাংবাদিক মঞ্চ আদি সংগঠনে আন্তৰিক শুভেচ্ছা জনায়। এই খবৰে সমগ্ৰ অঞ্চলটোলৈ আনন্দ কঢ়িয়াই আনিছে।

উল্লেখ্য যে,  বুধবাৰে ঘোষণা হয় অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। সৰ্বমুঠ ৯১৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত।