অসম

কলিয়াবৰত মৰাপাট পৰিবাহী ট্ৰাকত অগ্নিকাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ উলুৱনীত বুধবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। উল্লেখ্য যে, মৰাপাট পৰিবাহী ট্ৰাকত অতৰ্কিতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে৷ পথৰ কাষৰ বৈদ্যুতিক তাঁৰত মৰাপাট ভৰ্তি ট্ৰাকখন লাগি শ্বৰ্ট-চাৰ্কিত হৈ জুইৰ সূত্ৰপাত হয় ।

আমবাগানৰ পৰা উলুৱনীৰ জে চি আইৰ মৰাপাট গুডামলৈ এ এছ ০১ ৱাই ০১৩১ নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল প্ৰায় ১২ টন মৰাপাট। জে চি আইৰ ৰ গুডাম পোৱাৰ পূৰ্বেই অগ্নিসংযোগ হয় মৰাপাট পৰিবাহী ট্ৰাকখনত।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই। উক্ত অনাকাংক্ষিত ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ট্ৰাকৰ চালক-হেণ্ডিমেনৰ।