অসম

জামুগুৰিহাটত সদৌ অসম সত্ৰ মহাসভাৰ উদ্যোগত আলোচনা চক্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদৌ অসম সত্ৰ মহাসভা শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত শনিবাৰে বিয়লি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱৰ নামঘৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷ সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিত মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা আই কনকলতা মহিলা তীৰ্থৰ মুখ্য উপদেষ্টা মৃণালীনি দেৱীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তাত্ত্বিক দৰ্শনৰ ওপৰত বক্তব্য আগবঢ়ায় ৷

উক্ত আলোচনা সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদৌ অসম সত্ৰ মহাসভাই লৈ অহা পদক্ষেপক আদৰণি জনায় ৷ যুৱ সমাজকৰ্মী মিংকু কলিতাই আঁত ধৰা সভাখনিত অসম সত্ৰ মহাসভাৰ লক্ষ্য, উদ্দেশ্য, আদৰ্শ আৰু নীতিৰ ওপৰত বাখ্যা আগবঢ়াই সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী, আই কনকলতা মহিলা তীৰ্থৰ সাধাৰণ সম্পাদিকা অমিয়া পাটৰে ৷ প্ৰায় ৫ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনিত অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ সহিতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷