অসম

খোদ আশাকৰ্মীয়ে উন্মোচন কৰিলে বোকাখাতৰ চৰকাৰী চিকিৎসালয়ৰ শোচনীয় চিকিৎসা ব্যৱস্থা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাত : ২০২১ চনৰ ৭ফেব্ৰুৱাৰীত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়খনৰ নানান অভাৱ অভিযোগ আৰু ফোঁপোলা স্বৰূপটো শেহতীয়াকৈ উদঙাই দেখুৱাব লগীয়া হ'ল চিকিৎসালয়খনৰ একাংশ চিকিৎসা কৰ্মীয়ে।

চিকিৎসালয়খনত কৰ্মৰত আশাকৰ্মীসকলে সংগঠিত ভাৱে মহকুমা স্বাস্থ্য বিষয়াৰ যোগেদি চিকিৎসালয়খনৰ যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰা এক দীঘলীয়া অভিযোগ পত্ৰত উন্মোচিত হৈছে এশখন বিচনাযুক্ত চিকিৎসালয়খনৰ বাহিৰে ৰঙচঙীয়া, ভিতৰে কোৱা-ভাতুৰী স্বৰূপটো।

আশা কৰ্মীসকলে আঙুলিয়াই দিয়া চিকিৎসালয়খনৰ এই অভাৱ অভিযোগ সমূহৰ বাবে দীৰ্ঘদিনৰ পৰা মহকুমাটোৰ ৰোগী সকলে লাভ কৰা নাই পৰ্যাপ্ত চিকিৎসা সেৱা।

চিকিৎসালয়খনৰ যুটীয়া সঞ্চালকলৈ আশাকৰ্মীসকলে প্ৰেৰণ কৰা উক্ত চৈধ্য দফীয়া পত্ৰখনত উল্লেখ কৰা অনুসৰি - জৰুৰী অস্ত্ৰোপচাৰ কৰিব পৰাকৈ মেডিচিন বিশেষজ্ঞ আৰু এনাচথেচিয়াছৰ অভাৱ,স্থায়ী - অস্থায়ী বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ বাবে সাধাৰণ ৰোগতেই আন চিকিৎসালয়লৈ ৰেফাৰ কৰিবলগীয়া অৱস্থা, জৰুৰী ৰোগীক আলট্ৰাচাউণ্ড কৰিব পৰাকৈ গুণগত মেচিনৰ অভাৱৰ লগত ইচিজি মেচিনৰ অভাৱ লগতে চিকিৎসালয়খনত দহখন বিচনাযুক্ত আইচিইউ কক্ষ থকাৰ পাছতো টেকনিচিয়ান আৰু মেডিচিন বিশেষজ্ঞ নথকাৰ বাবে ৰোগীয়ে আইচিইউৰ সুবিধা লাভ নকৰা আদিকে ধৰি বিয়াগোম চিকিৎসালয়খনত ৰোগীয়ে জৰুৰী ভাৱে ব্যৱহাৰ কৰিব পৰাকৈ থকা লিফ্টটো ব্যৱহাৰৰ অনুপযোগী হৈ থকাৰ কথা উল্লেখ কৰিছে।

উল্লেখযোগ্য যে বিগত বিধান সভাৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্তত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰা চিকিৎসালয়খনৰ এনে গুৰুত্বপূৰ্ণ অভাৱ অভিযোগৰ বাবেই সাধাৰণ ৰোগীকো মহকুমাটোৰ বাহিৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়খন আজিও পূৰ্বৰ দৰে এক ৰেফাৰেল ইউনিটহে হৈ থকাহে পৰিলক্ষিত হৈছে।

ইফালে খোদ চিকিৎসালয়খনৰ আশাকৰ্মী সকলে উদঙাই দিয়া এক প্ৰকাৰ বগাহাতীত পৰিণত হোৱা মহকুমাটোৰ বৃহৎ অট্টালিকাৰ চিকিৎসালয়খনৰ এই ফোঁপোলা স্বৰূপটোৱে স্বাভাৱিকতেই ৰাজ্যখনৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ দায়বদ্ধতাৰ ওপৰতো উত্থাপন কৰিছে প্ৰশ্ন।

উল্লেখযোগ্য যে বোকাখাত বিধান সভা সমষ্টিৰ ভুক্তভোগী ৰাইজে এনেবোৰ প্ৰশ্নকেই বিভিন্ন সময়ত বিধায়ক অতুল বৰা,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰতো উত্থাপন কৰি আহিছে যদিও বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই মহকুমাবাসীয়ে।

আনহাতে কেইবাগৰাকীও আগশাৰীৰ বিজেপি-এজিপি নেতা আৰু কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী তথা প্ৰভাৱশালী ব্যক্তি লগতে খোদ বোকাখাতৰ বিধায়ক - কৃষিমন্ত্ৰী অতুল বৰা সভাপতিৰ দায়িত্বত থকা চিকিৎসালয়খনৰ এখন পৰিচালনা সমিতি থকাৰ পাছতো চিকিৎসালয়খনৰ এনে ভয়ংকৰ অভাৱগ্ৰস্ত অৱস্থাটোৰ প্ৰতি স্বাস্থ্যবিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰাটোয়েও সাধাৰণ ৰাইজক হতাশ কৰি আহিছে।

ফলত স্বাভাৱিকতেই প্ৰশ্ন হয়, তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়খনৰ আড়ম্বৰপূৰ্ণ উন্মোচনী প্ৰক্ৰিয়াটো আচলতে এক বৃহৎ নিৰ্বাচনী চমকহে আছিল নেকি?