অসম

বৰকোনা কালী ধামত অষ্টমী-নৱমীৰ লগতে কুমাৰী পূজা...

Asomiya Pratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী বৰকোনা কালী ধামত শুকুৰবাৰে পুৱা মহাষ্টমী পূজা সামৰণি পৰাৰ পাছত মহা নৱমীৰ কাৰ্যসূচী আৰম্ভ হয়। কালী ধামত পুৱা ১০ বজাত কুমাৰী পূজাৰ লগতে নৱমী বাবে পূজা অৰ্চনা অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে মানকাচৰৰ বৰকোনা কালী ধামত বিগত ৭৮ বছৰ ধৰি দূৰ্গাপূজা অনুষ্ঠিত কৰি অহাৰ লগতে বিগত ৪৩ বছৰ ধৰি কুমাৰী পুজা অনুষ্ঠিত কৰা হৈছে। কুমাৰী পূজাৰ বাবে ৯ গৰাকীকৈ কণমানি কুমাৰীক দূৰ্গাদেৱীৰ ৰূপত সজাই নীতি-নিয়মৰ জৰিয়তে কেবাগৰাকী পুৰোহিতৰ জৰিয়তে পুজা অৰ্চনা কৰা হয়।

বৰকোনাৰ কুমাৰী পূজা চাবলৈ ধামত পুৱাৰে পৰা অসম আৰু মেঘালয়ৰ হাজং, কোচ , বঙালী সম্প্ৰদায়ৰ ভক্তই ভীৰ কৰা পৰিলক্ষিত হয়। ভক্তসকলে পূজা-অৰ্চনা কৰি শ্ৰী শ্ৰী কালী ধামত দান - বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হয়।

জিলাখনৰ ভিতৰত এইখনেই একমাত্ৰ কালী ধাম য'ত বিগত ৭৮ বছৰ ধৰি দূর্গা পূজাৰ লগতে কুমাৰী পূজা অনুষ্ঠিত কৰি থকা হৈছে। ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাত এইবেলি মুঠ চাৰি খন থানা এলেকাত ৩৪ টা স্থানত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। জিলা খনৰ আন পূজা মণ্ডপত সন্ধিয়া নৱমীৰ পূজা অনুষ্ঠিত কৰা হ'ব।