অসম

টেঙাখাতত পথ মেৰামতিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা 

Asomiya Pratidin

ডিজিটেল সংবাদ, টেঙাখাত : গড়কাপ্তানি বিভাগ দুলিয়াজান ক্ষেত্ৰীয় পথ উপ-সংমণ্ডল টেঙাখাতৰ সহকাৰী  কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। শনিবাৰে দিনৰ প্ৰায় ১১ বজাত সংগঠনটোৰ টেঙাখাত আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।

সংগঠনটোৰ  নেতা-কৰ্মীসকলে সহকাৰী কাৰ্যবাহী অভিযন্তা অৰূপ কলিতাৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা দি উত্তাল  পৰিবেশৰ সৃষ্টি কৰে। লগতে অভিযন্তাগৰাকী কাৰ্যালয়লৈ অহাৰ সময়তে প্ৰতিবাদকাৰীসকলে তেওঁক ঘেৰাও কৰি  তীব্ৰ প্ৰতিবাদ কৰাও পৰিলক্ষিত হয় ।

ইফালে প্ৰতিবাদৰ পাছতে কাৰ্যালয়ৰ সন্মুখৰ টেঙাখাত চাবুৱা পথটিৰ  জৰাজীৰ্ণ অংশ বিভাগীয় কৰ্তৃপক্ষৰ তৎপৰতাত জৰুৰী মেৰামতি কৰা পৰিলক্ষিত হয়।