বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা... 
অসম

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ অসম চৰকাৰ আৰু অসম চৰকাৰৰ বিয়াগোম বন বিভাগৰ চূড়ান্ত দায়ত্বহীনতা ,নিৰ্লিপ্তিতা আৰু অকৰ্মন্যতাৰ ফলত চুবুৰীয়া অৰুণাচলীয়ে এফালৰ পৰা দখল কৰিছে অসম আৰু অসমীয়াৰ ভূমি৷ মূলতঃ অসম চৰকাৰৰ বিয়াগোম বন বিভাগৰ বৰমূৰীয়াৰ অৱজ্ঞা, হেমাহীৰ বাবেই উত্তৰ অসমৰ বৃহৎ ভূমিখণ্ড গ'ল অৰুণাচলীৰ হাতলৈ৷

পিছে ইমানৰ পিছতো অসমৰ ভূমি বেদখল বিষয়টোত ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব নাই৷ আনহাতে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত অৰুণাচলীয়ে এখোজ-দুখোজ কৰি উত্তৰ অসমৰ উত্তৰাঞ্চলাৰ অধা ভূমি এলেকা নিজৰ দখললৈ নিছে৷

গুৰুত্বপূৰ্ণ যে যিসয়মত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত অসম-অৰুণাচল সীমান্তৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ আঁচনি হাতত লৈছে সেই সময়তে পূৱ শোণিতপুৰ বন সংমণ্ডল অধীনৰ বিশ্বনাথৰ অসম- অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ ২ নং চুডেনচিৰি এলেকাত অৰুণাচলীয়ে অসমৰ মাটি দখল কৰি বাসগৃহ সাজিৱলৈ অহাক লৈ সীমান্তত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হয়।

জানিব পৰা মতে আজি বিয়লি অসম-অৰুণাচল সীমান্ত এলেকা নমৰাৰ উত্তৰে অৱস্থিত ২ নং চূডেনচিৰিৰ এক বৃহৎ ভূমি এলেকাক একাংশ চুবুৰীয়া অৰুণাচলী লোক অঞ্চলটোত ঘৰ সজাৰ লক্ষ্যৰে উপস্থিত হৈ বন-জংঘল চাফা কৰিছিল৷ অৰুণাচলী লোকে বন জংঘল কাটি ঘৰ সাজিৱলৈ প্ৰস্তুতি চলোৱা কাৰ্যত সীমান্তবাসীৰ চকুত পৰাত অৰুণাচলীৰ বেদখল বিৰুদ্ধে জাঙুৰ খাই উঠে৷

সিপিনে অসমৰ ভূমিত অৰুণাচলীয়ে বাধাহীনভাৱে ঘৰ সাজিৱলৈ চলোৱা কাৰ্যত সীমান্তবাসী অসমীয়াই বাধা আৰোপ কৰাত অৰুণাচলীলোক খৰ্গহস্ত হৈ পৰে৷ ফলত ক্ষণিকতে অৰুণাচলী লোকে ভৰি পৰে সীমান্ত এলেকা৷ সমান্তৰালভাৱে অসম-অৰুণাচল সীমান্তত অসমীয়াৰে অৰুণাচলীৰ সংঘাত উত্তেজনাপূৰ্ণ হোৱাৰ খবৰ বিশ্বনাথ প্ৰাশাসনে লাভ কৰাৰ লগে-লগে বিশ্বনাথ প্ৰশাসন তৎপৰ হৈ পৰে৷

সীমান্তবাসীৰ খবৰৰ ভিত্তিত বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্ত বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হয়৷ বিপৰীতে সীমান্তৰ ঘটনাস্থলীত অৰুণাচলৰ পাকেকিচাং জিলাৰ আৰক্ষী-প্ৰশাসনৰ যন্ত্ৰৰ উচ্চ পদস্থলোকো উপস্থিত হয়৷ তথ্যমতে বিশ্বনাথ জিলা আৰু পাকেৰিচাং জিলা প্ৰশাসনৰ বিষয়াবৰ্গ,আৰক্ষী বিষয়াৰ উপস্থিতিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷

জানিব পৰামতে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, পূৱ শোণিতপুৰৰ ডি এফ অ', বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া আৰু আবছুৰ আঞ্চলিক সভাপতি মণিৰাম বসুমতাৰী ঘটনাস্থলীত উপস্থিত হৈছিল৷