ৰাজ্যসভাৰ দুই আসনৰ বাবে বিজেপিৰ ১১ জনৰ আবেদনঃ বিধানসভা উপ-নিৰ্বাচনৰো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ... 
অসম

ৰাজ্যসভাৰ দুই আসনৰ বাবে বিজেপিৰ ১১ জনৰ আবেদনঃ বিধানসভা উপ-নিৰ্বাচনৰো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া ৫ সমষ্টিৰ উপ-নিৰ্বাচন আৰু ৰাজ্যসভাত খালী হোৱা দুখন আসনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে। আজি বিজেপিয়ে উপ-নিৰ্বাচন সন্দৰ্ভত বৈঠকত মিলিত হ'ব। এই বৈঠকতে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব দলটোৱে।

উল্লেখ্য যে, ৫ টা লোকসভা সমষ্টিৰ ভিতৰত বঙাইগাওঁ আৰু ছিদলি বিধানসভা সমষ্টি পূৰ্বে মিত্ৰদলৰ হাতত থকাৰ পৰিপ্ৰেক্ষিততে উপ-নিৰ্বাচনতো মিত্ৰদলৰ হাততেই থাকিব। ইয়াৰ পৰিৱৰ্তে দলটোৱে বিহালী, চামগুৰি আৰু ধলাই বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

এই তিনিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আজিৰ এই সভাতেই চূড়ান্ত হ'ব বুলি জানিব পৰা গৈছে। সমান্তৰালকৈ আজিৰ এই বৈঠকতে ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবেও আলোচনা হ'ব।

জানিব পৰা মতে এই দুয়োখন আসনৰ বাবে মুঠ ১১ গৰাকীয়ে আবেদন কৰিছে। ইয়াৰ ভিতৰত আছে লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা দুই সাংসদ ক্ৰমে ৰামেশ্বৰ তেলী আৰু ৰাজদ্বীপ ৰয়ো। ইয়াৰোপৰি যোৰহাটত পৰাস্ত হোৱা সাংসদ তপন কুমাৰ গগৈয়েও এই আসনৰ বাবে আবেদন কৰিছে বুলি জানিব পৰা গৈছে।

তাৰোপৰি আবেদনকাৰীসকলৰ ভিতৰত আছে ৰেখাৰেণা দাস বড়ো, ৰূপম গোস্বামী, অশোক ভট্ট ৰয়, বিজয় কুমাৰ গুপ্তা, ড০ প্ৰদীপ ঠাকুৰীয়া, অনুপ সিং ৰাজপুৰোহিত, মানস প্ৰতিম ডেকা, মিছন ৰঞ্জন দাসো।

আবেদনকাৰীসকলৰ আটাইৰে নাম দিল্লীলৈ প্ৰেৰণ কৰিব ৰাজ্যিক বিজেপিৰ নেতৃত্বই। তাৰ মাজত কোনে টিকট লাভ কৰে সেয়া শীঘ্ৰেই প্ৰকাশ পাব। কিন্তু সৰ্বানন্দ সোণোৱালক সমষ্টি এৰি দিয়া ৰামেশ্বৰ তেলীৰ টিকট প্ৰায় নিশ্চিত বুলিয়েই জানিব পৰা গৈছে।

আনহাতে বিধানসভা সমষ্টি কেইটাৰ ভিতৰত বিহালীত পল্লৱ লোচন দাসক টিকট প্ৰদান কৰাৰ বিপৰীতে চামগুৰিত বিজেপিৰ যুৱ নেতা ডিপ্লু ৰঞ্জন শৰ্মাক টিকট প্ৰদান কৰিব বুলি চৰ্চা চলিছে।

এই পৰ্যন্ত বিধানসভা উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ৰাজ্যসভাৰ আসন দুখনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। সেই অনুসৰি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৩ আগষ্ট নিৰ্ধাৰণ কৰাৰ লগতে নিৰ্বাচনৰ দিন ৩ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।