সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে বিজেপিৰ কমিটী গঠনঃ বাদ দিলে ২ টা সমষ্টিক... 
অসম

সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে বিজেপিৰ কমিটী গঠনঃ বাদ দিলে ২ টা সমষ্টিক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় বিজেপিয়ে ৰাজ্যজুৰি তৎপৰতা অব্যাহত ৰখাৰ মাজতে এইবাৰ ৰাজ্যৰ ১২ টা লোকসভা সমষ্টিৰ বাবে সাম্ভাব্য প্ৰাৰ্থী নিৰ্বাচনৰ বাবে গঠন কৰিলে এখন বিশেষ কমিটী।

এই কমিটীত আছে ১২ গৰাকী আহ্বায়ক আৰু ১২ গৰাকী সহ-আহ্বায়ক। প্ৰতিটো সমষ্টিৰ বাবে সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ নিযুক্তি দিয়া হৈছে এগৰাকীকৈ আহ্বায়ক আৰু সহ-আহ্বায়কক।

এই কমিটীয়ে ২৭ ফেব্ৰুৱাৰী, মঙ্গলবাৰৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। সাম্ভাব্য প্ৰাৰ্থী বাঁচনিৰ সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতেও আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰতিজন আহ্বায়ক আৰু সহ-আহ্বায়কক।

ইয়াৰ পিছতে এই প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব দিল্লীলৈ। অহা ২৮ ফেব্ৰুৱাৰীত এই প্ৰতিবেদন লৈ দিল্লী অভিমুখে যাত্ৰা কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা।

তাৎপৰ্যপূৰ্ণভাৱে বি টি আৰৰ অন্তৰ্গত কোকৰাঝাৰ সমষ্টি আৰু বৰপেটা সমষ্টি দুটাৰ বাবে বিজেপিয়ে আহ্বায়ক আৰু সহ-আহ্বায়ক নিযুক্তি দিয়া নাই। ইয়াৰে কোকৰাঝাৰ সমষ্টিটো বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিয়াটো নিশ্চিত। বৰপেটা সমষ্টিটো মিত্ৰদল অসম গণ পৰিষদক এৰি দিব বুলি পূৰ্বৰে পৰা চৰ্চা চলি আছিল যদিও আনুষ্ঠানিকভাৱে এই কথা এতিয়াও ঘোষণা কৰা হোৱা নাই।

ইফালে অসম গণ পৰিষদৰ নেতৃত্বই মুঠ ২ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বুলি পূৰ্বৰে পৰা সংবাদ মাধ্যমৰ আগত কৈ আহিছিল। শোণিতপুৰ লোকসভা সমষ্টিটোও অসম গণ পৰিষদে বিচাৰিব বুলি চৰ্চা হৈছিল যদিও বিজেপিয়ে কিন্তু শোণিতপুৰৰ বাবে আহ্বায়ক আৰু সহ-আহ্বায়ক নিযুক্তি দিছে।

ইয়াৰ পৰা এটা কথা প্ৰায় নিশ্চিত, বিজেপিয়ে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১২ টা লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব আৰু কোকৰাঝাৰ ই উ পি পি এলক আৰু বৰপেটা অসম গণ পৰিষদক এৰি দিব।

উল্লেখ্য বিজেপিয়ে সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে গঠন কৰা কমিটীখনত ধুবুৰী লোকসভা সমষ্টিৰ বাবে বাবে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক আহ্বায়ক, বিজয় কুমাৰ গুপ্তাক সহ-আহ্বায়ক, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বাবে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক আহ্বায়ক, নৱ কুমাৰ দলেক সহ-আহ্বায়ক, গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বায়ক, অজয় কোঁৱৰক সহ-আহ্বায়য়ক, ডিফু লোকসভা সমষ্টিৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আহ্বায়ক আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মাক সহ-আহ্বায়ক, কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগক আহ্বায়ক আৰু বিজুলী কলিতা মেধিক সহ-আহ্বায়ক, নগাওঁ লোকসভা সমষ্টিৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্য প্ৰসাদ তাছাক আহ্বায়ক আৰু ৰেখাৰাণী দাস বড়োক সহ-আহ্বায়ক, কাজিৰঙা লোকসভা সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকাক আহ্বায়ক আৰু সাংসদ পল্লৱ লোচন দাসক সহ-আহ্বায়ক, শোণিতপুৰ লোকসভা সমষ্টিত মন্ত্ৰী যোগেন মহনক আহ্বায়ক আৰু অজয় কোঁৱৰক সহ-আহ্বায়ক, লখিমপুৰ লোকসভা সমষ্টিত মন্ত্ৰী সঞ্জয় কিষাণক আহ্বায়ক আৰু বিধায়ক ৰূপক শৰ্মাক সহ-আহ্বায়ক, ডিব্ৰুগড় লোকসভা সমষ্টিত মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসক আহ্বায়ক আৰু মনোজ বৰুৱাক সহ আহ্বায়ক, যোৰহাট লোকসভা সমষ্টিৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আহ্বায়ক আৰু পুলক গোঁহাইক সহ-আহ্বায়ক, শিলচৰ লোকসভা সমষ্টিত মন্ত্ৰী নন্দিতা গাৰ্লোচাক আহ্বায়ক আৰু জয়ন্ত কুমাৰ দাসক সহ-আহ্বায়কৰ দায়িত্ব দিয়া হৈছে।

মন কৰিবলগীয়া কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ বাবে দুগৰাকীকৈ মহিলাক দায়িত্ব দিয়া হৈছে। এই সমষ্টিত বিজেপিয়ে এগৰাকী মহিলাক প্ৰক্ষেপ কৰিব বুলি চৰ্চা চলি আহিছে।

একেদৰে সাংসদ পল্লৱ লোচন দাসকো সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ দায়িত্ব দিয়া হৈছে। তেজপুৰৰ এই সাংসদজনে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। দিল্লীৰ পৰিৱৰ্তে দিছপুৰত থকাৰ মন মেলিছে পল্লৱ লোচন দাসে। একেদৰে বিজেপিৰ সাধাৰণ সম্পাদক ডিপ্লু ৰঞ্জন শৰ্মা নিজেই প্ৰাৰ্থীত্বৰ দাবীদাৰ যদিও তেওঁক ডিফু সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাত সহ-আহ্বায়কৰ দায়িত্ব দিয়া হৈছে।