অসম

অসমৰ নিৰুদ্দেশ হোৱা ছাত্ৰ উদ্ধাৰ কেৰেলাত

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ পৰা ১১ফেব্ৰুৱাৰীত নিৰুদ্দেশ হোৱা অবিনাশ ৰায় নামৰ ছাত্ৰজন এসপ্তাহৰ মুৰত অৱশেষত উদ্ধাৰ হয় বহিৰাজ্য কেৰেলাত ৷ জানিব পৰা মতে কেৰেলা আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি অসম আৰক্ষীৰ সহযোগত পৰিয়ালৰ হাতত গতাই দিয়ে ৷

১১ টাকৈ দিনৰ মূৰত নিৰুদ্দিষ্ট ছাত্ৰজন বৃহস্পতিবাৰে আহি ইটাখোলা বাসভৱনত উপস্থিত হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে পৰিয়ালৰ লোকসকলে। কেৰেলাৰ পৰা উদ্ধাৰ হোৱা ছাত্ৰজন বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ৷

অবিনাশ ৰায় নামৰ ছাত্ৰজনৰ উদ্ধাৰ কাৰ্য্যত সহযোগিতা আগবঢ়োৱা আৰক্ষী প্ৰশাসন ও স্থানীয় ৰাইজক পিতৃ ওমপ্ৰকাশ ৰায় আৰু পৰিয়ালবৰ্গই ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী আছিল অবিনাশ ৰায় নামৰ ছাত্ৰজন৷