BTR লৈ ৪০১.৫০ কোটি, কৰ্কট হাস্পতালৰ বাবে ২০০ কোটি টকা মোকলাই দিলে কেবিনেটে 
অসম

BTR লৈ ৪০১.৫০ কোটি, কৰ্কট হাস্পতালৰ বাবে ২০০ কোটি টকা মোকলাই দিলে কেবিনেটে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অসমৰ মুছলমান সম্প্ৰদায়ৰ মহিলা, যুৱতীসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ অসম বাতিল বিধেয়ক-২০২৪ গৃহীত কৰা হৈছে। অৱশ্যে এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তেহে উল্লেখ কৰিছে। কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰা মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাই এই কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে অসম বাতিল বিধেয়ক-২০২৪ ক কেবিনেটে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে মুছলমান যুৱতীৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰৰ পদক্ষেপ বুলি উল্লেখ কৰিছে। এই বিধেয়কৰ জৰিয়তে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ আৰু অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধি, ১৯৩৫ বাতিল কৰাৰ প্ৰস্তাৱ ৰখা হৈছে ৷ এই বিধেয়কখন বিবেচনাৰ বাবে অসম বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰা হ'ব ৷

ইয়াৰোপৰি আজিৰ কেবিটেনত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে বিশেষ আইন প্ৰস্তুত, বাল্য বিবাহ ৰোধৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। চি এন জিৰ খৰচ হ্ৰাস কৰিবলৈ ভেটৰ হাৰ ১৪.৫ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে চি এন জি সহজলভ্য কৰিবলৈ অসম চৰকাৰে ১০০ টা চি এন জি ষ্টেচন স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰাক উপত্যকাৰ ক্ষিপ্ৰ উন্নয়ন আৰু উন্নয়নমূলক কামসমূহ তদাৰক কৰাৰ বাবে প্ৰতিমাহে দুগৰাকীকৈ মন্ত্ৰী বৰাকৰ তিনিখন জিলালৈ গৈ তিনিদিন থাকিব বুলিও আজিৰ কেবিনেটৰ অন্তত অনুষ্ঠিত সংবাদ মেলত অৱগত কৰা হৈছে। এই তিনিদিনত মন্ত্ৰী দুগৰাকীয়ে জিলা তিনিখনত প্ৰতিটো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিব ৷

ইয়াৰ বাবে সকলো মন্ত্ৰীকে দায়িত্ব ভগাই দিয়া হৈছে বুলি জনাইছে। অৱশ্যে বৰাকৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাই নিয়মীয়াকৈ বৰাকৰ জিলা কেইখন ভ্ৰমণ কৰিব বুলিও উল্লেখ কৰিছে ৷

কেবিনেটে বি টি আৰৰ বাবে ৰাজ্য চৰকাৰৰ অনুদানৰ প্ৰথম কিস্তিৰ ৪০১.৫০ কোটি টকা মোকলাই দিছে ৷ ৰাজ্য চৰকাৰে বি টি আৰৰ বাবে বাৰ্ষিক ৮০০ কোটি টকাৰ অনুদান আগবঢ়ায় ৷ ইয়াৰে আজি প্ৰথম কিস্তিৰ ধন মোকলাই দিয়া হয় ৷

প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিৰ অধীনত ৰাজ্যৰ ৬৬ লাখ পৰিয়ালৰ বাবে বছৰি ৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ নামত আজিৰ কেবিনেটে ৩৭৫ কোটি কোটি টকা মোকলাই দিছে ৷

সেইদৰে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনলৈ কেবিনেটে ২০০ কোটি টকা মোকলাই দিছে ৷ উল্লেখ্য যে, অসমত টাটা ট্ৰাষ্টৰ উদ্যোগত অসম চৰকাৰে মুঠ ১৮ খন কৰ্কট চিকিৎসালয় স্থাপনৰ ব্যৱস্থা কৰিছিল।

ইয়াৰে ৮ খন চিকিৎসালয় ইতিমধ্যে মুকলি হৈছে যদিও বাকী ১০ খনৰ নিৰ্মাণ কাৰ্য চলি আছে। এই প্ৰকল্পৰ বাবে টাটা ট্ৰাষ্টে ১৪৭৫ কোটি টকা ব্য়য় কৰাৰ লগতে অসম চৰকাৰে ২৫৩১ কোটি টকা ব্যয় কৰিছে। ইয়াৰ বাবে অসম চৰকাৰে ইতিমধ্যে ১৪৭৫ কোটি টকা মুকলি কৰাৰ পাছত আজি পুনৰ ২০০ কোটি টকা মোকলাই দিছে।