ৰঞ্জন গগৈলৈ অসম বৈভৱ, ৪ জনলৈ অসম সৌৰভ আৰু ১৬ জনলৈ অসম গৌৰৱ বঁটা... 
অসম

ৰঞ্জন গগৈলৈ অসম বৈভৱ, ৪ জনলৈ অসম সৌৰভ আৰু ১৬ জনলৈ অসম গৌৰৱ বঁটা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি আজি অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ ঘোষণা কৰে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈলৈ এইবাৰ ৰাজ্য চৰকাৰে আগবঢ়াইছে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা।

আনহাতে অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে মুঠ চাৰিগৰাকী বিশেষ ব্যক্তিলৈ। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ইউকেস্ক'লৈ যি দচিয়াৰ প্ৰেৰণ কৰা হৈছিল সেই দচিয়াৰ প্ৰস্তুত কাৰৰ লগতে চৰাইদেউ মৈদামৰ সুৰক্ষা আৰু ইউনেস্ক'ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা ড০ কিষাণ চান নৰিয়ালৈ আগবঢ়োৱা হৈছে অসম সৌৰভ বঁটা। ড০ নৰিয়াৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।

সেইদৰে অসম সৌৰভ বঁটা লাভ কৰা আন তিনিজন ব্যক্তি হৈছে ক্ৰমে এথলিট হিমা দাস, সন্তৰণবিদ এলভিছ আলী হাজৰিকা আৰু তিহা সাহিত্য, সংস্কৃতিৰ গৱেষক নাদিৰাম ডেউৰী।

ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা বঁটা এইবাৰ আগবঢ়োৱা হৈছে মুঠ ১৬ জন ব্যক্তিলৈ। বিহুক গীনিজ বুক অৱ ৱ'ৰ্ল্ডছ ৰেকৰ্ডত স্থান দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা বিহুৱা ৰঞ্জিত গগৈৰ উপৰিও পাৰ্বতী বৰুৱা, দেৱজিত চাংমাই, দ্ৰোণ ভূঞা, নীলম দত্ত, অনুপম ডেকা, সৌমদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মনেন্দ্ৰ ডেকা, মিনাক্ষী চেতিয়া, পখিলা লেকথেপি, তেঞ্জিং বডোছা, ড০ নিৰ্মল দে, জেচিন কোম্বাও ফাও, মেৰী হাছা আৰু ৰাহুল গুপ্তাই লাভ কৰিছে অসম গৌৰৱ বঁটা।

ইয়াৰে পাৰ্বতী বৰুৱা এগৰাকী হস্তী বিশেষজ্ঞ। তেওঁ ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ পৰাও স্বীকৃতি লাভ কৰাৰ লগতে বি বি চিয়ে তেওঁৰ ওপৰত তথ্য চিত্ৰও নিৰ্মাণ কৰিছে। হস্তী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ ভূমিকা।

দেৱজিত চাংমাই বলিউডত প্ৰতিষ্ঠিত অসম সন্তান। এগৰাকী সুদক্ষ চাউণ্ড ইঞ্জিনীয়াৰ দেৱজিত চাংমায়ে বলিউডৰ লগতে দক্ষিণৰো বিভিন্ন বিগ বাজেটৰ চিনেমাৰ এক পৰিচিত নাম।

অসমীয়া লোক সংস্কৃতিৰ অন্যতম অংশ সুকন্নানি ওজাপালি। এই সুকন্নানি ওজাপালিৰ প্ৰচাৰ, প্ৰসাৰৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে ছিপাঝাৰৰ দ্ৰোণ ভূঞা। সেইদৰে নীলম গত্ত জৈৱিক কৃষি কৰ্মৰে সুপ্ৰতিষ্ঠিত তথা পাভৈ গ্ৰীণৰ সৈতে জড়িত। তেওঁ কৃষি ক্ষেত্ৰলৈ আধুনিক প্ৰযুক্তিৰো আমদানি কৰি আহিছে।

অনুপম ডেকা ৰিপ'জ বেকাৰীৰ স্বত্বাধিকাৰী তথা বিশিষ্ট উদ্যোগী। সৌমদ্বীপ দত্ত এগৰাকী প্ৰকৃতিপ্ৰেমি। প্ৰকৃতিৰ সুৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি তেওঁ কাম কৰি আহিছে।

একেদৰে বসন্ত চিৰিং ফুকন মাচৰুম খেতিৰ সৈতে জড়িত, মনেন্দ্ৰ ডেকা বৰপেটাৰ বাঁহ শিল্পৰ সৈতে জড়িত, মিনাক্ষী চেতিয়া শিৱসাগৰৰ ডিমৌৰ এগৰাকী সুপৰিচিত আশা কৰ্মী, পখিলা লেকথেপি কাৰ্বি আংলঙৰ এগৰাকী সংগীত শিল্পী।

তেঞ্জিং বডোছাই আছৌ দীৰ্ঘদিন ধৰি জৌৱিক চাহ খেতি কৰি অহাৰ লগতে ওদালগুৰিত বন্যহস্তীৰ সৈতে সহবাস কৰি চাহ উদ্যোগ গঢ়ি তোলাৰ এক ব্যৱস্থা গঢ়ি তুলিছে। ড০ নিৰ্মল দেয়ে বৰাক উপত্যকাৰ চিতল পাতি উদ্যোগৰ সৈতে জড়িত হৈ আছে।

হস্তশিল্পীক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত এক চিনাকী নাম জেচিন কোম্বাও ফাও। ধেমাজিৰ এইগৰাকী মহিলা কাংকান ধেমাজি উদ্যোগৰ সৈতে জড়িত। তেওঁৰ সামগ্ৰী অসমৰ বাহিৰত যথেষ্ট চাহিদা আছে।

অসম গৌৰৱ বঁটা লাভ কৰা মেৰী হাছা তিনিচুকীয়া জিলাৰ এগৰাকী অংগনবাদী কৰ্মী। উপেন্দ্ৰ ৰাভাই ক'লা ধানৰ জনপ্ৰিয়তা বৃদ্ধিত বিশেষ অৰিহণা যোগাইছে। তেওঁৰ দ্বাৰা উৎপাদিত ক'লা ধান আমেৰিকা যুক্ত ৰাষ্ট্ৰ, জাপান, কোৰিয়া আদিলৈ ৰপ্তানিৰ ব্যৱস্থা কৰা হৈছে। ৰাহুল গুপ্তা তিনিচুকীয়া জিলাৰ এগৰাকী উদ্যোগী তথা কৃষক। তেওঁৰ ফ্ৰেছ ফাৰ্ম নামৰ উদ্যোগে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে।

অহা ১০ ফেব্ৰুৱাৰীত কলাক্ষেত্ৰত এক ৰাজ্যিক অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। বঁটা প্ৰদান কৰিব উপ-ৰাজ্যপাল জগদীপ ধনখড় আৰু ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই। ইয়াৰে অসম বৈভৱ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান। অসম সৌৰভ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৪ লাখ টকাৰ আৰ্থিক অনুদান। অসম গৌৰৱ বঁটাৰ লগত আছে এখন প্ৰশস্তিপত্ৰ, প্ৰমাণপত্ৰ, পদক আৰু ৩ লাখ টকাৰ আৰ্থিক অনুদান।