কৰ্মচাৰীলৈ ১ কোটিৰ বীমা, ৰাজ্যত গঠন ৩৯ খন সম জিলাঃ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত... 
অসম

কৰ্মচাৰীলৈ ১ কোটিৰ বীমা, ৰাজ্যত গঠন ৩৯ খন সম জিলাঃ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লখিমপুৰত আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকে লখিমপুৰৰ লগতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিলে। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে কৰ্তব্য পালনৰ সময়ত যদি দুৰ্ঘটনাজনিত কাৰণত প্ৰাণ হেৰুৱাবলগীয়া হয় তেন্তে তেওঁৰ পৰিয়ালে বৰ্তমানে লাভ কৰি থকা সকলো সুবিধাৰ উপৰিও লাভ কৰিব ১ কোটি টকাৰ ক্ষতিপূৰণ। ইয়াৰ বাবে অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগতে অন্যান্য বেংকসমূহৰ সৈতে শীঘ্ৰেই এক চুক্তি সম্পন্ন কৰিব। এই চুক্তি অনুসৰিয়েই কৰ্মচাৰীগৰাকীৰ দৰমহা একাউণ্ট থকা বেংকে দুৰ্ঘটনাজনিত কাৰণত তেওঁৰ মৃত্যু হ'লে পৰিয়ালৰ লোকক ১ কোটি টকাৰ ক্ষতিপূৰণ দিব। তাৰোপৰি কোনো কৰ্মচাৰীৰ কৰ্তব্য পালনৰ সময়ত হোৱা দুৰ্ঘটনাত সম্পূৰ্ণ শৰীৰ অকামিলা হৈ পৰে তেতিয়াও ১ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিব। আনবাতে গুৰুতৰভাৱে আহত হ'লে লাভ কৰিব ৮০ লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা উল্লেখ কৰি কয়, ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ ফলত কৰ্মচাৰীসকলে এক ডাঙৰ সকাহ পাব। যিকোনো দুৰ্ঘটনা বা বানপানীৰ সময়ত, সন্ত্ৰাসবাদীৰ সৈতে হোৱা যুঁজৰ সময়ত নিহত চৰকাৰী পৰিয়ালে ১ কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰিব। যদি কৰ্মচাৰীগৰাকী কোনো বেমাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে তেন্তে চৰকাৰে দিয়া সকলো সা-সুবিধা লাভ কৰাৰ উপৰিও বেংকে ১০ লাখ টকা অতিৰিক্তকৈ প্ৰদান কৰিব। অৰ্থাৎ লাইফ ইন্সুৰেঞ্চ কভাৰেজ, অতিৰিক্ত ১০ লাখ, দুৰ্ঘটনাজনিত কাৰণত ১ কোটি আৰু আঘাতপ্ৰাপ্ত হ'লে কৰ্মচাৰীয়ে ৮০ লাখ টকা লাভ কৰিব।

ইফালে ৰাজ্যৰ কেইবাখনো জিলাত নতুনকৈ মুঠ ৩৯ খন সম জিলা গঠনতো আজিৰ কেবিনেটে অনুমোদন দিয়াৰ কথা মুখ্যমন্ত্ৰী ড০ শৰ্মাই অৱগত কৰিছে। তেওঁ কয়, অহা ২ অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ ৩৯ খনকৈ সম জিলাক অনুমোদন দিয়া হৈছে। এই সম জিলাক ইংৰাজীত ছাব ডিষ্ট্ৰিক্ট বুলি কোৱা হ'ব।

তেওঁ উল্লেখ কৰা অনুসৰি এই সম জিলা কেইখন হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জ. বিলাসীপাৰা, বঙাইগাঁও জিলাৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ, ৰহা, বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজি জিলাৰ জোনাই, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, শিৱসাগৰ জিলাৰ নাজিৰা, ডিমৌ, যোৰহাট জিলাৰ তিতাবৰ, গোলাঘাট জিলাৰ সৰুপথাৰ, বোকাখাত, ডেৰগাওঁ, কাছাৰ জিলাৰ লক্ষীপুৰ, গোৱালপাৰা জিলাৰ গোৱালপাৰা ৱেষ্ট, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউগুৱাহাটী, জালুকবাৰী, দৰং জিলাৰ ছিপাঝাৰ, দলগাওঁ, মৰিগাঁও জিলাৰ জাগীৰোড, লাহৰীঘাট, হোজাই জিলাৰ লামডিং, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী, নডুৱাৰ, ডিব্ৰুগড় জিলাৰ খোৱাং, দুলীয়াজান, টিংখং, নাহৰকটীয়া, চৰাইদেউ জিলাৰ মাহমৰা, কৰিমগঞ্জ জিলাৰ পাথাৰকাণ্ডি আৰু ৰামকৃষ্ণ নগৰ।

এই সম জিলাসমূহৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে ৰাইজে মাটি বাৰীৰ কাম-কাজ, বিভিন্ন এম এল ফাণ্ড, আনটাইড ফাণ্ড, আবকাৰী জড়িত আদিৰ কামকাজ সম জিলাতে সমাপন কৰিব পাৰিব।

আজিৰ কেবিনেটে অতিৰিক্তভাৱে ২০ লাখ লোকক ৰেচন কাৰ্ড দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ১৫ ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব। তাৰোপৰি আজিৰ কেবিনেটে ইতিমধ্যে ঘোষণা কৰা ১৯ নৱেম্বৰৰ সীমিত বন্ধৰ দিনটোক বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে চৰকাৰীভাৱে পালন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেইদৰেই অসমৰ প্ৰচিলত ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু ষ্টাৰ্টআপ পলিচিক অনিৰ্দিষ্ট কাললৈ বৃদ্ধি কৰা হৈছে। জাগীৰোডৰ টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্টিৰ কাষতে টাটা গ্ৰুপক এখন টাজ হোটেল প্ৰতিষ্ঠা কৰিবলৈ অনুমোদন দিঠে। এই সিদ্ধান্তই পৰ্যটন ক্ষেত্ৰক শিক্তিশালী কৰাৰ লগতে ছেমি কণ্ডাক্টৰলৈ অহা ব্যৱসায়ী, বিনিয়োগকাৰীকো থকাত সুবিধা প্ৰদান কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।

ইফাল দুৰ্গা পূজাৰ প্ৰাক ক্ষণত অসম চাহ নিগমৰ অধীনৰ চাহ বাগিচাসমূহৰ কৰ্মচাৰীক ২০ শতাংশ বানচ মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে। অৱশ্যে চাহ নিগমৰ অধীনৰ যিকেইখন চাহ বাগিচা অসম চৰকাৰৰ অধীনত আছে সেই বাগিচাৰ কৰ্মচাৰীসকলেহে এই বানচ লাভ কৰিব।

লখিমপুৰ জিলাৰ বাবেও কেইবাটাও ডাঙৰ ঘোষণা

আজিৰ কেবিনেট বৈঠকে লখিমপুৰ জিলাৰ উন্নয়নৰ বাবে কেইটাবাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক পদক্ষেপৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে কয়, লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিত ডিজু কিমিন পথৰ পৰা হাৰমটি হৈ ফুলবাৰী, ঢেকিয়াজুলী, শান্তিপুৰলৈ এই ৩৪ কিলোমিটাৰৰ পথ নিৰ্মাণৰ বাবে ২৭ কোটি টকাত অনুমোদন দিছে।

ডিক্ৰং নদীৰ ওপৰত বাহানাবাৰীৰ পৰা ছিছাপথাৰ দলংৰ লগতে পথ আৰু মথাউৰী নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অনুমোদন দিছে। তাৰোপৰি জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান লালুক কলেজত বিজ্ঞান শাখা প্ৰতিষ্ঠাতো কেবিনেটে অনুমোদন জনাইছে।

নাওবৈচা বিধানসভা সমষ্টিৰ পভা চাৰিআলিৰ খাৰখাটি দলঙৰ পৰা- আছুমণি-শালমৰাৰ এই ৩০ কিলোমিটাৰ পি ডব্লিউ ডি পথ নিৰ্মাণৰ বাবে দুটা পৰ্যায়ত ৪৪ কোটি টকাৰ অনুমোদন দিছে। সেইদৰেই আছেৰেকাটা, গোৱালবাৰী, বালিগাওঁ, ডফলাকটা, বালিভেটা আদি অঞ্চলক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ২৪.৯৮ লাখ টকাৰ অনুমোদন দিয়া হৈছে।

লখিমপুৰ বিধানসভা সমষ্টিৰ বগীনদীত এটা আটকধুনীয়া প্ৰেক্ষাগৃহ আৰু গেষ্ট হাউচ নিৰ্মাণৰ বাবে ১৫ কোটি, মইনাপৰা আটাইচুকৰ পৰা গোলমানদী হৈ কালানচুক (১৫ নং ৰাষ্ট্ৰীয় ঘাইপথক সামৰি) বগীনদী, টাৰিআনি, গৰমবজাৰ আদিক সামৰি লোৱা ২৩ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ১৮.৬৭ লাখ টকাৰ অনুমোদন দিয়া হৈছে।

ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা ৩০ খন বিচনাযুক্ত হাস্পতালখনক ২০০ খন বিচনাযুক্তি জিলা হাস্পতাললৈ উন্নীতকৰণতো আজিৰ কেবিনেটে অনুমোদন দিছে। সেইদৰেই ঢকুৱাখনাৰ ফাটবিহুত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে ২০ কোটি টকাৰ অনুমোদন দিছে।

মাধৱদেৱৰ জন্মভূমি বিহপুৰীয়াত থকা দুখন ধাম ক্ৰমে লেতুকীপুখুৰী আৰু উজীৰৰ টোল আৰু তাৰ পথ নিৰ্মাণৰ বাবে ৩০ কোটি টকাৰ অনুমোদন দিয়া হৈছে। অনিৰুদ্ধদেৱ জন্মক্ষেত্ৰৰ বাবে ১৫ কোটি টকাৰ অনুমোদন দিয়া হৈছে। লখিমপুৰ জিলাৰ অন্তৰ্গত নহয় যদিও বিহালী সমষ্টিৰ বেদেতীত এখন মডেল ডিগ্ৰী কলেজ স্থাপনতো আজিৰ কেবিনেটে অনুমোদন জনাইছে।