অসম

ৰাজ্য চৰকাৰে পুনৰ ঋণ ল'ব ১০০০ কোটি টকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিত্তীয় বৰ্ষৰ(২০২৪-২৫) প্ৰথমটো সপ্তাহতে পুনৰ ঋণ লবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। সদ্য সমাপ্ত বিত্তীয় বৰ্।ত বাজেট ধাৰ্য পুঁজিৰ মাত্ৰ ৬০ শতাংশহে ব্য়য় কৰিবলৈ সক্ষম হোৱা ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মৰ্মে ৰাজ্য চৰকাৰৰ বিত্তীয় বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকত এক প্ৰস্তাৱ দাখিল কৰিছে।

চৰকাৰী বণ্ড ১০ বছৰীয়া ম্যাদত থৈ ঋণ লব ওলাইছে চৰকাৰে। ৮ এপ্ৰিলত এই ঋণ লব আৰু সেই দিনাৰ পৰাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ মাৰ্চ মাহৰ দৰমহা-পেন্সনৰ বিল পৰিশোধৰ প্ৰক্ৰিয়া আৰম্ভ হব।

উল্লেখ্য যে, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথমটো সম্পাহতো ৰাজ্য চৰকাৰে ২০০০ কোটি টকাৰ ঋণ লৈছিল। মনকৰিবলগীয়া যে যোৱা বিত্তীয় বৰ্ষত জি ডি পিৰ হাৰ বৃদ্ধিৰ লক্ষ্য দেখুৱাই ৰাজ্য চৰকাৰে ঋণ সংগ্রহৰ পৰিমাণ ২৫ হেজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ দৰেই চলিত বিত্তীয় বর্ষতো জি এছ ডি পি ৬.৪৩ কোটি টকা হ'ব বুলি দেখুৱাই বছৰটোত ঋণ সংগ্রহৰ লক্ষ্য ধার্য কৰিছে ২৯ হেজাৰ ৪৪০ কোটি টকা। আৰু তাৰেই পাতনি হিচাপে অহা ৮ এপ্রিলত লোৱা হ'ব বিত্তীয় বর্ষটোৰ প্ৰথমটো ঋণ।