বটদ্ৰৱাত আৰক্ষীয়ে বুলড'জাৰেৰে ঘৰ ভঙা পৰিয়ালক দিলে ক্ষতিপূৰণ... 
অসম

বটদ্ৰৱাত আৰক্ষীয়ে বুলড'জাৰেৰে ঘৰ ভঙা পৰিয়ালক দিলে ক্ষতিপূৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত বটদ্ৰৱাত অসম আৰক্ষীয়ে বুলড'জাৰেৰে ঘৰ ভঙা পৰিয়ালসমূহে লাভ কৰিলে ক্ষতিপূৰণ। ২০২২ ৰ ২১ মে’ত বটদ্ৰৱা আৰক্ষী থানাৰ জিম্মাত চফিকুল ইছলাম নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

আৰক্ষীয়ে সুৰামত্ত অৱস্থাত উদ্ধাৰ কৰি অনা চফিকুলৰ ঘটনাক্ৰমে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছিল যদিও চফিকুলৰ পত্নী তথা পৰিয়ালে আৰক্ষীৰ অত্যাচাৰতে তেওঁৰ মৃত্যু হোৱা বুলি অভিযোগ কৰাৰ লগতে চফিকুলৰ মুক্তিৰ বাবে আৰক্ষীয়ে উৎকোচ বিচৰাৰো অভিযোগ কৰিছিল।

এনে পৰিস্থিতিত চফিকুলৰ মৃত্যুৰ ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষী থানা ঘেৰাও কৰিছিল বহু লোকে। তাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছিল বটদ্ৰৱা আৰক্ষী থানাত। ইয়াৰ পিছতেই পৰৱৰ্তী দিনটোত নগাওঁ আৰক্ষীয়ে আৰক্ষী থানা জ্বলোৱাৰ অভিযোগত অভিযুক্ত কেইবাজন লোকৰো ঘৰ বুলড’জাৰেৰে ভাঙি উচ্ছেদ চলায়। এই সমগ্ৰ বেআইনী কাৰ্যকলাপৰ সাক্ষী হৈ ৰৈছিল সেই সময়ৰ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানজনো।

২০২২ ৰ সেই ঘটনাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ অসম আৰক্ষীৰ এনে বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে নিজাকৈ ৮২৮৫/২০২২ নং PILখন গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি বুলড’জাৰৰ দ্বাৰা ঘৰ ভাঙি উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালকে ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰে। আজি উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এক শপতনামা যোগে এই কথা অৱগত কৰিছে।

এই শপতনামাত উল্লেখ থকা অনুসৰি মুঠ ৬ টা পৰিয়ালক ৰাজ্য চৰকাৰে ক্ষতিপূৰণ প্ৰদান কৰিছে। ইয়াৰে যিসকলৰ পকী ঘৰ আছিল তেওঁলোকক ১২ লাখ আৰু যিসকলৰ কেঁচা ঘৰ আছিল তেওঁলোকক ২.৫ লাখকৈ টকা ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিছে।

ইফালে এই বেআইনী বুলড’জাৰ কাণ্ডত যিসকল দোষী আৰক্ষী বিষয়া আছিল তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে। ন্যায়ালয়ে শীঘ্ৰেই এইসকল দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি এই ঘটনাৰ সৈতে জড়িত দোষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিছে যদিও কোনো ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা নাই। ন্যায়ালয়ে অহা ৩ সপ্তাহৰ ভিতৰত এই দোষী বিষয়াসকলৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়ে অৱগত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে।