অসম

৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অসম ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সদিচ্ছাৰ উদ্যোগত ৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অসম ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰ। চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান বাকৰিত হ'ব এই বাণিজ্য মেলা।

দেশৰ ভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ ল'ব এই বাণিজ্য মেলাত। বিপনীত থাকিব থাইলেণ্ড, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তানৰ প্ৰতিষ্ঠান।

১৯ নবেম্বৰত সামৰণি পৰিব 'সদিচ্ছা'ৰ অসম ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰ। বাণিজ্য মেলাখনৰ কালত অনুষ্ঠিত হ'ব দিহা নাম আৰু জাতীয় পুৰস্কাৰৰ প্ৰতিযোগিতা। বৃহস্পতিবাৰে এখন সংবাদ মেলত জানিবলৈ দিয়ে ' সদিচ্ছা ' ৰ সভাপতি মনালিছা বৰুৱা আৰু সম্পাদক ময়ুৰী দত্তই।