জাতি, মাটি, ভেঁটি ৰক্ষাৰ প্ৰথম খোজঃ ঐতিহ্যবহনকাৰী স্থান হ'ব 'হেৰিটেজ বেল্ট এণ্ড ব্লক'... 
অসম

জাতি, মাটি, ভেঁটি ৰক্ষাৰ প্ৰথম খোজঃ ঐতিহ্যবহনকাৰী স্থান হ'ব 'হেৰিটেজ বেল্ট এণ্ড ব্লক'...

অসম বিধানসভাত গৃহীত 'আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেছন বিধেয়ক-২০২৪'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ ২৯ আগষ্ট, বৃহস্পতিবাৰৰ দিনটোত গৃহীত হয় আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেছন বিধেয়ক-২০২৪। অতি গুৰুত্বপূৰ্ণ এই বিধেয়কখন আজি সদনত উত্থাপন কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে।

এই আইন অনুসৰি এতিয়াৰে পৰা ২৫০ বছৰ পুৰণি ঐতিহাসিক স্থানসমূহক হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে বিবেচিত হ'ব। এনে হেৰিটেজ বেল্ট এণ্ড ব্লকৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত মাটি বিক্ৰীৰ ক্ষেত্ৰত এতিয়াৰে পৰা যথেষ্ট কঠোৰতা থাকিব। অৱশ্যে এই আইনৰ পৰা প্ৰত্যাহাৰ কৰা হয় মাজুলীক।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্সৰ জৰিয়তে এয়া অসম চৰকাৰৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ সবল খোজ বুলি উল্লেখ কৰিছে। তেওঁ এক্সত লিখিছে- অসমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ দৰে মহান ব্যক্তিসকলৰ কাৰ্যসূচীক পূৰণ কৰিছে।

ইয়াৰোপৰি লিখিছে- অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়ক-২০২৪ গৃহীত হোৱাৰ লগে লগে আজি জাতি, মাটি, ভেঁটিক সুৰক্ষা দিয়াৰ আমাৰ সংকল্পই পূৰ্ণতা লাভ কৰিলে। এই বিধেয়কত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন-১৮৮৬ ৰ অধ্যায় ১২ক অন্তৰ্ভুক্ত কৰা হৈছে। যিয়ে আমাৰ ২৫০ বছৰৰ পুৰণি ঐতিহ্যবহনকাৰী স্থানসমূহক হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে চিহ্নীত কৰাৰ সুযোগ দিব।

তাৰোপৰি তেওঁ কয়, এই আইনে ঐতিহ্যবহনকাৰী স্থানৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি বিক্ৰী অথবা ক্ৰয় ব্যৱস্থাক অঞ্চলটোৰ তিনিটা প্ৰজন্মৰ বাসিন্দাসকলৰ বাবে সীমিত কৰা হ'ব।

অসমৰ সাংস্কৃতিক পৰিচয় বহন কৰা মন্দিৰ, নামঘৰ আৰু সত্ৰসমূহক সংৰক্ষণ এই প্ৰচেষ্টাক সমৰ্থন জনোৱাৰ বাবে আৰু এই বিধেয়কক সমৰ্থন কৰিবলৈ অসম বিধানসভাত উপস্থিত হোৱা প্ৰতিজন বিধায়ককে কৃতজ্ঞতাও জ্ঞাপন কৰে।