অসম

এইবাৰ চৰকাৰৰ চকু গাঁৱত! ব্যক্তিগত পুখুৰী, বজাৰ, দোকানেও পৰিশোধ কৰিব লাগিব কৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গ্ৰামাঞ্চলৰ লোকসকলৰ মূৰত কৰৰ বোজা জাপি দি বিত্তীয় অৱস্থা টনকিয়াল কৰাৰ কু-অভিসন্ধিত লিপ্ত হৈছে ৰাজ্য় চৰকাৰ।বৃহস্পতিবাৰে বিধানসভাত গৃহীত হয় পঞ্চায়ত সংশোধনী বিধায়ক। ইয়াৰ লগে লগে বহু নতুন নিয়ম আহি পৰিব গাঁও সমূহত।

অসম পঞ্চায়ত আইন সংশোধনৰ অচিলাৰে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ অত্যাধিক কৰৰ বোজা জাপি দিয়াৰ প্ৰস্তুতিহে চলাইছে। গ্ৰামাঞ্চলৰ ব্যক্তিগত হাট, ঘাট আৰু পুখুৰীবোৰৰ বাবদ ৰাইজে কৰ দিব লাগিব চৰকাৰক। বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য।

উল্লেখযোগ্য যে বিধানসভাত গৃহীত হয় ‘দা আছাম পঞ্চায়ত (এমেণ্ডমেন্ট) বিল, ২০২৩’। আইনখনৰ ১০৭ নম্বৰ সংশোধিত ধাৰাৰ ২০ নম্বৰ দফাত স্পষ্টভাৱে কোৱা হৈছে যে পঞ্চায়তৰ অনুমতি অবিহনে গ্ৰামাঞ্চলৰ কোনো ব্যক্তিগত হাট, ঘাট আৰু পুখুৰী পৰিচালিত হ'ব নোৱাৰিব। গাঁৱৰ হাটত চলা ব্যৱসায়-বাণিজ্যৰ বাবে গৰাকীয়ে পঞ্চায়তক আগতীয়াকৈ মাচুল পৰিশোধ কৰিব লাগিব। নদী, ঘাটসমূহ চলিবলৈও পঞ্চায়তক দিব লাগিব মাচুল।

তদুপৰি গাঁৱৰ ৰাইজৰ ঘৰৰ পিচফালে থকা পুখুৰীটো নাইবা মীনপালনৰ বাবে থকা পুখুৰীসমূহৰ বাবে স্বত্বাধিকাৰীয়ে পঞ্চায়তক আগতীয়াকৈ পৰিশোধ কৰিব লাগিব মাচুল। হাট, ঘাট, পুখুৰীৰ বাবদ ৰাইজে দিবলগীয়া মাচুলৰ পৰিমাণ সন্দৰ্ভত পঞ্চায়তে গ্ৰহণ কৰিব সিদ্ধান্ত। কেৱল সেয়ে নহয়, গ্রামাঞ্চলৰ ব্যক্তিগত বজাৰ, দোকানসমূহেও পৰিশোধ কৰিব লাগিব কৰ।

আইনখনৰ ২৫ নম্বৰ সংশোধনী ধাৰাৰ ১১ নম্বৰ দফা অনুসৰি গ্ৰামাঞ্চলৰ ব্যক্তিগত বজাৰসমূহত থকা প্ৰতিখন দোকানৰ বিপৰীতে দিব লাগিব কৰ। গতিকে উন্নয়নৰ চৰকাৰে, ৰাইজৰ চৰকাৰ বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে খনে এতিয়া ৰাজইক টেটু চেপা দিছে।

এফালে হিতাধিকাৰী সৃষ্টি আৰু আনফালে ৰাইজক কৰৰ বোজা জাপি দিছে চৰকাৰে। উল্লেখ্য যে, ধাৰৰ বোজাত পোত গৈ আছে ৰাজ্যচৰকাৰ। অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'ল ১,০১,৯৯৬.৯৫ কোটি টকা। ঋণ লৈ পৰিশোধ কৰাৰ পৰিৱৰ্তে আৰু অধিক ঋণ লৈহে আছে চৰকাৰে।