অসম

অসম আৰক্ষীৰ জালত KLOৰ ৭ সদস্য...

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ জালত পৰিল কেএলঅ' আৰু বিএলএৰ সদস্য। সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডি পি সিঙে।

বিটিআৰ এলেকাৰ নতুন সন্ত্ৰাসবাদী সংগঠন কেএলঅ' আৰু বিএলএৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে অসম, নাগালেণ্ড আৰু পশ্চিম বংগৰ বিভিন্ন প্ৰান্তৰ পৰা সংগঠন কেইটাৰ মুঠ সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ ভিতৰত আছে কাৰ্বি আংলং জিলাৰ বুদ্ধিমন দেৱবৰ্মা(৪৫), ওদালগুৰি জিলাৰ অমিত বড়ো(৩৯) আৰু দৌহাৰো বড়ো(৪৩)।