অসম

সাৱধান! নতুন বছৰত পাৰ্টীৰ পৰিকল্পনা কৰাৰ আগতে চাওক এই গুৰুত্বপূৰ্ণ খবৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিচেম্বৰৰ ৩১ তাৰিখ আৰু ১ জানুৱাৰীত পাৰ্টী কৰিব বিচৰাসকল সাৱধান। কাৰণ ৰাজ্যৰ চুকে-কোণে ঘূৰিব আৰক্ষীৰ ইণ্টাৰচেপ্টৰ বাহন।

সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্রত সাৱধান হওক। অসম আৰক্ষীত আজিৰে পৰা সংযোজন হ’ল ১০খনকৈ ইণ্টাৰচেপ্টৰ বাহন। লগতে সংযোজন হ’ল ১৫০টা ব্রেথ এনালাইজাৰ।

বিহুৰ সময়লৈ সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান। দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্রহণ। মন্ত্রী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে অসম আৰক্ষীক অৰ্পণ কৰে বাহন। অসম আৰক্ষীৰ মেচত অনুষ্ঠিত হয় এই বাহন প্রদান অনুষ্ঠান।

এই অনুষ্ঠানত উপস্থিত থাকে DGP জি পি সিঙৰ লগতে শীৰ্ষ আৰক্ষীসকল। কামৰূপ মহানগৰ জিলাত ১০টা ব্রেথ এনালাইজাৰ,কোকৰাঝাৰ জিলাত ১০টা, বঙাইগাঁৱত ১০টা, নগাঁও জিলাত ১০টা, কাৰ্বি আংলঙত ১০টা, যোৰহাট জিলাত ১০টা, তিনিচুকীয়াত ১০টা, শোণিতপুৰ জিলাত ১০টা আৰু কাছাৰত ১০টা ব্ৰেথ এনলাইজাৰ সংযোজন কৰা হয়।