অসম

দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণৰ দাবীত ৰাজীৱ ভৱনত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল ডেস্ক : ডিমা হাচাওত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী। ১৮ জুলাইত গুৱাহাটীৰ ৰাজীৱ ভৱনত দিনৰ ১১ বজাত এক ধৰ্ণাৰ কাৰ্যসূচী হাতত লৈছে।

বৰ্তমানৰ ডিমা হাচাও পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে হাবিবুল ৰহমান নামৰ কনিষ্টবল জনক হত্যাৰ এক গোচৰ আদালতত চলি আছে। এই গোচৰৰ অন্যতম সাক্ষী বিকাশ থাউচেনক ভয়-ভাবুকিৰে গোচৰৰ সাক্ষ্যদানৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা চলাইছে দেবুলাল গাৰ্লোছাই।

সেই সন্দৰ্ভত গাৰ্লোছাৰ বিৰুদ্ধে বিকাশ থাউচেনে এজাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ প্ৰতিবাদত কংগ্ৰেছে এক প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছে।

কামৰূপ মহানগৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত সাব্যস্ত হ’ব লগা প্ৰতিবাদী কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা,কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া,ৰকিবুল হুছেইন,ৰাণা গোস্বামী,জাকিৰ হুছেইন শিকদাৰ আদি উপস্থিত থাকিব।