অসম

ফেচবুকত বিতৰ্কিত মন্তব্য কৰি অপসাৰিত হ’ল অসমৰ আৰ এছ এছৰ নেতা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি পদবী হেৰুৱালে আৰ এছ এছৰ এজন বিষয়ববীয়াই। নিপন শইকীয়া নামৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিবিধ ক্ষেত্ৰৰ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ নিপন শইকীয়াই ১২ আগষ্টত তেঁওৰ ফেচবুক একাউণ্টৰযোগে এই মন্তব্য কৰিছিল।

তেঁও নিজৰ ফেচবুক প্ৰফাইলত লিখিছিল- অসমৰ শংকৰী ক্লাৱটোৱে অসমীয়াৰ শক্তবোধ নোহোৱা কৰিছে। সত্ৰীয়া সংস্কৃতিয়ে অসমীয়াক ক্লীৱ আৰু বীৰ্যহীন কৰিছে। তেঁও লগতে মাজুলীৰ সত্ৰসমূহৰ ভকতকলৈও আপত্তিজনক মন্তব্য কৰিছিল। আৰ এছ এছৰ এই বিষয়ববীয়াজনৰ বিতৰ্কিত মন্তব্যৰ পাছতে মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই প্ৰতিক্ৰিয়াৰ পাছতেই বুধবাৰে আৰ এছ এছৰ এই নেতাজনক তেঁওৰ এনে বিতৰ্কিত মন্তব্যৰ বাবে আৰ এছ এছৰ নেতৃত্বই তেঁওৰ পদবীৰ পৰা অপসাৰণ কৰে।