অসম সন্মিলিত মঞ্চৰ সভাপতি পদ ত্যাগ ভূপেন বৰাৰঃ পদত্যাগ পত্ৰত আছে বিস্ফোৰক অভিযোগ... 
অসম

অসম সন্মিলিত মঞ্চৰ সভাপতি পদ ত্যাগ ভূপেন বৰাৰঃ পদত্যাগ পত্ৰত আছে বিস্ফোৰক অভিযোগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে ভূপেন বৰাই। বিহালী সমষ্টিক লৈ সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ পদত্যাগ কৰিলে বৰাই।

মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈলৈ মঙ্গলবাৰে নিশা ১০ বজাত এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে এই পদত্যাগ পত্ৰ এতিয়াও গ্ৰহণ কৰা নাই লুৰীণজ্যোতি গগৈয়ে।

উল্লেখ্য যে, বিহালী সমষ্টিক কেন্দ্ৰ কৰি বিৰোধী শিবিৰত এক অনাকাংক্ষিত পৰিস্থিতিৰ সূচনা হৈছে। প্ৰথম অৱস্থাত কংগ্ৰেছে এই সমষ্টি অসম সন্মিলিত মঞ্চক এৰি দিছিল যদিও কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰি বিজেপিৰ পৰা পদত্যাগ কৰা জয়ন্ত বৰাক কংগ্ৰেছ দলৰ পৰা টিকট দিবলৈ উঠিপৰি লাগিছিল।

ইয়াৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থি হিচাপে বিবেক দাসো চৰ্চাত আছিল। কিন্তু শেহতীয়াকৈ বিবেক দাসৰ টিকটৰ বিৰোধিতা কৰে কংগ্ৰেছে। তেওঁৰ বিপৰীতে আন কোনো শক্তিশালী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈহে দাবী কৰে।

অসম সন্মিলিত মঞ্চই সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ সন্ধান কৰি সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰাৰ কথা আছিল যদিও আজি আকৌ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিহালীত এক ৰোড শ্ব' কৰিবলৈ প্ৰস্তুতি চলাইছে।

সমষ্টিটোক লৈ সৃষ্টি হৈ থকা এনে অবাঞ্চিত পৰিস্থিতিত স্বাভাৱিকতে বিপদত পৰিছে ভূপেন বৰা। চৰম অস্বস্তিত পৰা ভূপেন বৰাই সেয়ে অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে।

ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদকক উদ্দেশ্যি প্ৰেৰণ কৰা পদত্যাগ পত্ৰত লিখিছে, ১৮ অক্টোবৰত এ আই চি চিৰ সাধাৰণ সম্পাদক তথা তত্বাৱধায়কৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা অসম সন্মিলিত মঞ্চৰ বৈঠকৰ বিষয়ে আপুনি জানে। এই বৈঠকত এ আই চি চিৰ সাধাৰণ সম্পাদকলৈ ৫ জনীয়া কমিটী গঠনৰ এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল।

তেওঁ এই ৫ জনীয়া কমিটীয়ে বিহালী উপ নিৰ্বাচনৰ বাবে প্ৰেৰণ কৰা প্ৰাৰ্থীৰ নাম গ্ৰহণ কৰিব বুলি কথা দিছিল আৰু চি পি আই (এম এল)-এ সমষ্টিটোত প্ৰাৰ্থিত্ব বিচাৰিছিল। কিন্তু এতিয়ালৈকে সেই ৫ জনীয়া কমিটীয়ে প্ৰেৰণ কৰা প্ৰস্তাৱ এ আই চি চিৰ সাধাৰণ সম্পাদক আৰু প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কে গ্ৰহণ কৰা নাই।

তাৰোপৰি তেওঁ পদত্যাগ পত্ৰত লিখিছে আজি বিৰোধী ঐক্যই এখন সভা আহ্বান কৰিছিল আৰু এ পি চি চিক কাইলৈ পুৱা ১০ বজাৰ ভিতৰত বিহালী বিধানসভা সমষ্টি সন্দৰ্ভত স্পষ্ট কৰিবলৈ কৈছিল। মই ৫ জনীয়া কমিটীক ইয়াৰ পৰামৰ্শ পুনৰ বিবেচনা কৰিবলৈ কৈছো যদিও তেওঁলোকে তেনে কৰিবলৈ অস্বীকাৰ কৰিছে।

এনে পৰিস্থিতিত বৰাৰ ওপৰত প্ৰচণ্ড চাপ পৰা বুলি উল্লেখ কৰি তেওঁ অসমত বিৰোধী ঐক্যৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ বাহিৰে বেলগ বিকল্প নাই বুলিও পদত্যাগ পত্ৰত উল্লেখ কৰিছে। পত্ৰখনৰ শেষত তেওঁ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত বিৰোধী ঐক্যৰ ওপৰত জোৰ দি যোৱা কথাকো সোঁৱৰাই দিছে।

এই পদত্যাগ পত্ৰৰ প্ৰতিলিপি তেওঁ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙলৈয়ো প্ৰেৰণ কৰিছে।