ড০ কিষাণ চান নৰিয়াললৈ অসম সৌৰভ বঁটা... 
অসম

ড০ কিষাণ চান নৰিয়াললৈ অসম সৌৰভ বঁটা...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্বৰ বুকুত জিলিকাই তোলাৰ পৰিকল্পনাৰে বিগত কেইবাবছৰ ধৰি নীৰৱে অহোপুৰুষাৰ্থ চেষ্টা কৰি অহা প্ৰফেছৰ ড০ কিষাণ চান নৰিয়াললৈ অসম চৰকাৰে এইবছৰ আগবঢ়াইছে অসম সৌৰভ বঁটা। চৰাইদেউ মৈদামক্ষেত্ৰক ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি আদায় কৰিবলৈ মৈদামক্ষেত্ৰৰ ঐতিহাসিক তথ্য সমৃদ্ধ গৱেষণাৰেদচিয়াৰ প্ৰস্তুত কৰা আৰু ইউনেস্ক'ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা ড০ নৰিয়ালে আজি বঁটা লাভ কৰা বুলি আনুষ্ঠানিক ভাৱে ঘোষণা হোৱাৰ সময়টো মৈদামক্ষেত্ৰত কৰ্ম সম্পাদন কৰি আহিছিল।

১৯৫৬ চনৰ ১ মে'ত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত জন্ম গ্ৰহণ কৰা নৰিয়ালে ২০০২ চনত উত্তৰাখণ্ডৰ নাইনিতালৰ কুমাওন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। নীৰৱে নিজৰ কৰ্ম সম্পাদনক অগ্ৰাধিকাৰ দি স্বাভাৱিক ভাৱে জীৱন যাপন কৰা নৰিয়ালক আজি সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ সময়ত তেওঁ ইয়াৰ বাবে অসম চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে।

এনে বঁটা লাভ কৰাৰ বাবে তেওঁ বিভাগীয় কৰ্তৃপক্ষ, চৰাইদেউ মৈদাম এলেকাৰ স্থানীয় ৰাইজ আৰু তেওঁৰ সৈতে অৰ্হনিশে সহযোগিতা আগবঢ়াই অহা তেওঁৰ বিশেষ টিমটোক অন্তঃকৰণেৰে ধন্যবাদ জনায় আৰু ইয়াৰ বাবে এই সকলো সমানে গৌৰৱৰ অংশীদাৰ বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৯৮০ চনত কেন্দ্ৰীয় পুৰাত্তত্ব জৰীপ বিভাগৰ চাকৰিত যোগদান কৰি ড° নৰিয়াল পৰৱৰ্তী সময়ত ইয়াৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১৬ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

চাকৰি জীৱন কালত গুজৰাটত থকা সময়ত তেওঁ ৰাজ্যখনৰ ৰাণী কি ভাও নামৰ ক্ষেত্ৰক ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিনাক্ত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এনে প্ৰেক্ষাপটত ড° নৰিয়ালে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দচিয়াৰ প্ৰস্তুত কৰা আৰু সেয়া পৰৱৰ্তী সময়ত ইউনেস্ক'লৈ প্ৰেৰণ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।