অসম

অসম বিজ্ঞান-প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ: দুই সহস্ৰাধিকলৈ ডিগ্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহ সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰক্ষাগৃহত অনুষ্ঠিত হয়। এই দীক্ষান্ত সমাৰোহত ২০২১-২০২২ বৰ্ষত বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন শিতানত উত্তীৰ্ণ মুঠ ২৭৬৮ গৰাকী ছাত্ৰলৈ ডিগ্ৰী আগবঢ়োৱা হয়।

অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য তথা অসমৰ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়া উপস্থিত থাকি বিশ্ববিদ্যালয়লৈ অভিনন্দন জ্ঞাপন কৰে। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে প্ৰতিষ্ঠা কালৰে পৰা দীঘলীয়া পৰিক্ৰমাৰে আহি এই পৰ্যায়ত উপনীত হোৱাত ভৱিষ্যতৰ দিনবোৰত ত্যাগ আৰু মূল্যবোধৰ জড়িয়তে সামাজিক উন্নয়ন সাধন কৰাত প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি ৰাজ্যপাল গৰাকীয়ে মত প্ৰকাশ কৰে।

ডিগ্ৰী লাভ কৰা ছাত্ৰসকলক উদ্দেশ্যি ৰাজ্যপালগৰাকীয়ে কয় যে, বহু মাহ আৰু বছৰযোৰা অক্লান্ত শ্ৰম আৰু ত্যাগৰ ফলশ্ৰুতিত সাফল্য লাভ কৰি কোনো এখন প্ৰতিষ্ঠানত নিজকে নিয়োগ কৰাৰ লগতে সমাজ তথা দেশৰ উন্নয়নত ব্ৰতী হোৱাৰ এইয়াই উপযুক্ত সময়।