অসম

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দেওবাৰে মঙলদৈত জেষ্ঠ্য নাগৰিক সন্মিলনৰ মধ্যকালীন অধিৱেশন খনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। ৰাজ্যখনৰ ৩৫ খন জিলাৰ পৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই অধিৱেশনত ।

ৰাতিপুৱা পতাকা উত্তোলন কৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুৰেশ শইকীয়াই। স্মৃতি তৰ্পণ কৰে দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ফুলেন্দ নাথ চহৰীয়াই। বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা মিৰন দেৱী, ক্ৰমে শোভাযাত্ৰাৰ উদ্বোধন কৰে মঙলদৈ বনিক সন্থাৰ সভাপতি মুকুল চন্দ্ৰ ডেকাই।

আনহাতে দুপৰীয়া প্ৰতিনিধি সভাত আদৰণী ভাষণ ৰাখে অধিৱেশনৰ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ বিশিষ্ট চিকিৎসক ইলিয়াছ আলী, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল অসমৰ বিশিষ্ট সাংবাদিক বেদব্ৰত দেব মিশ্ৰ। এই অধিৱেশনত বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় নাট্যকাৰ, পৰিচালক, অভিনেতা মঙলদৈৰ হেমন্ত দত্ত, ৰাষ্ট্ৰীয় বটাপাপক বোলছবি নিৰ্মাতা সমৰেন্দ নাৰায়ন দেৱ আৰু দেওধনী নৃত্য পটিয়সী অনিমা চহৰীয়াক।

সভাত হৰিচন্দ্ৰ শৰ্মা সভাপতি ৰানা আলম সম্পাদক আৰু গৌতমানন্দ গোস্বামী সহকাৰী সম্পাদক হিচাপে লৈ আবেলিৰ বেলি নামেৰে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উন্মোচন কৰা হয়। আবেলিৰ বেলি উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।অধিৱেশনত জ্যেষ্ঠ নাগৰিক সকলে মঙলদৈ চহৰত এক পদযাত্ৰা উলিয়াই।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনত জ্যেষ্ঠ নাগৰিক সকলৰ কিছু কিছু দাবী চৰকাৰ খনে মানি লৈ সুবিধা প্ৰদান কৰিছিল যদিও বৰ্তমানৰ চৰকাৰে সেইসমূহ দাবী কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে উদ্যোক্তা সকলে।

আনহাতে জ্যেষ্ঠ নাগৰিক সকলৰ ৰে'লৰ ভাড়া শিথিল কৰিবলৈ আহ্বান জনালে মঙলদৈত অনুষ্ঠিত হোৱা মধ্যকালীন অধিৱেশনৰ পৰাই । জ্যেষ্ঠ নাগৰিক সকলৰ দীৰ্ঘদিনীয়া দাবী সমুহ বৰ্তমানৰ চৰকাৰে মানি লৈ পৰবৰ্তী সময়ত কাৰ্যক্ষম কৰিবলৈ আহ্বান জনায়।