প্ৰতীকি ফটো 
অসম

শিক্ষক দিৱসৰ দিনাই ৰাজপথত শিক্ষক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি দেশজুৰি পালন কৰা হৈছে শিক্ষক দিৱস। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰি শিক্ষকসকলৰ কষ্ট-ত্যাগৰ স্বীকৃতি স্বৰূপে পালন কৰা এই শিক্ষক দিৱসৰ দিনাই ৰাজ্যত ৰাজপথ কঁপাব শিক্ষকে।

উল্লেখ্য যে, নতুন পেন্সন নীতি বাতিলৰ দাবীৰে ৰাজ্যৰ শিক্ষকে বহু দিনৰ পৰাই দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। পিছে এই ক্ষেত্ৰত চৰকাৰী পক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই শিক্ষক দিৱসৰ দিনাই অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ নেতৃত্বত ৰাজপথত প্ৰতিবাদত নামিছে ৰাজ্যৰ লাখ লাখ শিক্ষাগুৰু।

ইপিনে ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি স্নাতক পৰ্যায়ৰলৈকে হেজাৰ হেজাৰ শিক্ষকে প্ৰাপ্য নোপোৱাৰো কথাও সময়ে সময়ে প্ৰকাশ পাই আহিছে। ৰাজ্যত বৰ্তমানেও পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ আছে ১০ সহস্ৰাধিক শিক্ষক-কৰ্মচাৰী। চৰকাৰে এফালে টেট শিক্ষকৰ নিযুক্তি দিলেও দৰমহাৰ নোপোৱাৰ উদাহৰণ বহু পৰিমাণে দেখা দিয়াত ক্ষোভৰ অগ্নিয়ে দহিছে শিক্ষকসকলক।