অসম

দিগন্ত বিশ্ব শৰ্মাক সন্মানীয় ডিগ্ৰী প্ৰদানৰ ঘোষণা অসম বিশ্ববিদ্যালয়ৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী ড০ দিগন্ত বিশ্ব শৰ্মাক সন্মানীয় ডিগ্ৰী প্ৰদান কৰিব শিলচৰ অসম বিশ্ববিদ্যালয়ে। ‘মূল্যভিত্তিক শিক্ষা’ৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী অৱদানৰ বাবে বিশ্ববিদ্যালয়খনে শৰ্মাক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কাৰ্যবাহী পৰিষদৰ বৈঠকত উক্ত সন্মান প্ৰদান সন্দৰ্ভত আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হৈছে। ১৩ ছেপ্টেম্বৰৰ পুৱা ১০ বজাত শিলচৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰাপকক সন্মান জনোৱা হ’ব।বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিগন্ত বিশ্ব শৰ্মাক উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়।