অসম

অসম লেখিকা সমাজৰ উদ্যোগত ডিফুত মাটি-মানুহ-সমন্বয় দিৱসৰ আয়োজন

Asomiya Pratidin

ডিজিটেল ডেস্ক : আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অগ্ৰণী অনুষ্ঠান অসম লেখিকা সমাজে গ্ৰহণ কৰিছে এক পদক্ষেপ। অহা ৯ আগষ্ট শুকুৰবাৰে ডিফু ক্লাৱত দিনজোৰা কাৰ্যসূচীৰে ‘মাটি-মানুহ-সমন্বয়‘ দিৱস উদযাপনৰ বাবে দিহা কৰিছে।

উক্ত অনুষ্ঠানটি কাৰ্বি আংলং জিলা লেখিকা সমাজৰ সহযোগত সদৌ অসম লেখিকা সমাজে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ব। এই অনুষ্ঠানৰ মুকলি সভালৈ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, প্ৰশাসনিক সেৱা বিষয়া আৰু জনপ্ৰতিনিধিক আমন্ত্ৰণ জনোৱা বুলি উদ্যাক্তাই জানিবলৈ দিয়ে।

অনুষ্ঠানৰ মুকলি সভাত অভ্যাগতসকলৰ উপস্থিতিত অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা মুক্তিযুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি ‘মহীয়ান বঁটা‘ আৰু লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি ‘মাটি-মানুহ-সমন্বয় বঁটা‘ প্ৰদান কৰা হ‘ব। ইয়াৰোপৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ৯গৰাকী ব্যক্তিক সন্মান জনোৱা হ‘ব।

মুক্তিযুঁজাৰু দেউৰাম দত্ত সোঁৱৰণি ‘মহীয়ান বঁটা‘ বঁটা আগবঢ়োৱা হ‘ব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী ৰংবং তেৰাঙক। আনহাতে লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি ‘মাটি-মানুহ-সমন্বয় বঁটা‘ আগবঢ়োৱা হ‘ব বিশিষ্ট লেখক, শিক্ষাবিদ বিজয়া পায়েঙক। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৰণিকা ‘প্ৰয়াস‘ আৰু জয়শ্ৰী শইকীয়াৰ নৱতম গ্ৰন্থ ‘নক্ষত্ৰ‘ উন্মোচন কৰা হ‘ব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি ৮ আগষ্ট বৃহস্পতিবাৰে অসম লেখিকা সমাজৰ উপ সভাপতি দিপ্তী গগৈ বৰুৱাই বিয়লি ৫-০০ বজাত এখন প্ৰতিনিধি শিবিৰ মুকলি কৰে।