অসম

বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ বহিঃৰাজ্যত সন্ধানহীন অসমৰ এজন যুৱক ৷ সন্ধানহীন যুৱকজনৰ ঘৰ চৰাইদেউ জিলাৰ মাইবেলা অঞ্চলত। তেওঁৰ নাম পৰশুৰাম শৰ্মা (৩৬) ৷

জানিব পৰামতে কৰ্ম সংস্থাপনৰ বাবে বন্ধু সৈতে চেন্নাইলৈ যোৱাৰ পথত ৰহস্যজনকভাৱে সন্ধানহীন পৰে যুৱকজন। যোৱা ২১ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে যুৱকজন ৷ যুৱকজন সন্ধানহীন হৈ থকাত পৰিয়ালটো উদ্বিগ্ন হৈ পৰিছে ৷

উল্লেখ্য যে, যুৱকজনৰ পিতৃয়ে মংলবাৰে ঘটনা সম্পৰ্কে স্থানীয় মথুৰাপুৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এক এজাহাৰ দাখিল কৰিছিল।