অসমৰ পাঁচ বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত ভোটগ্ৰহণ... 
অসম

অসমৰ পাঁচ বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত ভোটগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা। নিৰ্বাচন আয়োগে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক সংবাদ মেল সম্বোধন কৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সমান্তৰালকৈ অসমৰো নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

সেই অনুসৰি ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ'ব ৫ টা বিধানসভা সমষ্টি ক্ৰমে চামগুৰি, ছিদলী, বিহালী, বঙাইগাওঁ আৰু ধলাইৰ উপ-নিৰ্বাচন। ইয়াৰ বাবে ১৮ অক্টোবৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা।

২৫ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। সেইদৰে ৩০ অক্টোবৰৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে। ২৩ নৱেম্বৰত ঘোষণা কৰ হ'ব নিৰ্বাচনী ফলাফল।

উল্লেখ্য যে, যোৱা লোকসভা নিৰ্বাচনত চামগুৰিৰ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বঙাইগাওঁ সমষ্টিক বিধায়ক ফণীভূষণ চৌধুৰী, ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু ধলাই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰতিদ্বন্দিতা কৰি লোকসভালৈ নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ আছিল।