যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আটাছুৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁই.... 
অসম

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আটাছুৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁই....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে আটাছুৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিজেপি নেতা লাচিত গগৈয়ে ডিফু আৰক্ষীৰ জেৰাত আগত বহু বিস্ফোৰক তথ্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

লাচিত গগৈৰ ভাষ্যৰ আধাৰতে মিলন বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰিব পাৰে। উল্লেখ্য যে, এই দুই নেতাৰ দুটাকৈ কল ৰেকৰ্ডিং ভাইৰেল হৈছিল। প্ৰথমটো কল ৰেকৰ্ডিঙত আটাছু নেতা মিলন বুঢ়াগোহাঁইয়ে বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি লাচিত গগৈক লোকসভা নিৰ্বাচনত যোৰহাটত প্ৰাৰ্থীত্ব প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ফৰমাইছ কৰাৰ কথা উল্লেখ কৰিছিল।

আনহাতে দ্বিতীয়টো কল ৰেকৰ্ডিং আছিল ধনৰ লেনদেনৰ ওপৰত। বিজেপি নেতা লাচিত গগৈয়ে দুই আৰক্ষী অধীক্ষকক চুপাৰী ছিণ্ডিকেট চলাবলৈ প্ৰায় ১৬ লাখ টকা দিয়াৰ কথা কোৱাৰ লগতে সেই কাম নোহোৱাত ধন ঘূৰাই বিচাৰিছিল।

আনহাতে আটাছু নেতা মিলন বুঢ়াগোহাঁইয়ে সেই ধন এতিয়াই ঘূৰাই দিব নোৱাৰিব বুলি কৈছিল। ইয়াৰোপৰি এই ভাইৰেল কল ৰেকৰ্ডিঙত উচ্চাৰিত হৈছে 'পীযুষ দাদা'ৰ নামো। এই ভাইৰেল কল ৰেকৰ্ডিঙৰ পাছতেই আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই ডিফু আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ।

সেই গোচৰৰ ভিত্তিতে মৰাণ আৰক্ষীয়ে শুকুৰবাৰে নিশা মাহমৰা কচুমাৰীৰ পৰা প্ৰথমে আটক কৰে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে বিজেপিৰ নেতা লাচিত গগৈক। ইয়াৰ পাছত তেওঁক নিয়া হয় ডিফুলৈ। আৰক্ষীৰ জেৰাত লাচিত গগৈয়ে বহু বিস্ফোৰক তথ্য ফাদিল কৰা বুলি জানিব পৰা গৈছে। লাচিত গগৈৰ ভাষ্যৰ আধাৰতে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে আটাছু নেতাগৰাকীক।