পুনৰ মহানগৰীত ATM প্ৰৱঞ্চক; অৱসৰপ্ৰাপ্ত চিকিৎসকৰ পৰা লুটিলে বৃহৎ ধন... 
অসম

পুনৰ মহানগৰীত ATM প্ৰৱঞ্চক; অৱসৰপ্ৰাপ্ত চিকিৎসকৰ পৰা লুটিলে বৃহৎ ধন...

Asomiya Pratidin

ডিজিটেল ডেস্ক: অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰ। মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। এইবাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকৰ পৰা দুৰ্বৃত্তই কৌশলেৰে লুটিলে বৃহৎ পৰিমানৰ ধন। উজানবজাৰস্থিত এটা এটিএমত সংঘটিত হৈছে এই ধন লুটৰ ঘটনা।

ড০ প্ৰসেনজিত বৰা নামৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা কাঢ়ি নিলে ১ লাখ ১২ হাজাৰ টকা। ঘটনা অনুসৰি প্ৰথমে ATM কাৰ্ডৰে লোকজনে উলিয়াইছিল তিনিহাজাৰ টকা। পৰবৰ্তী সময়ত কাৰ্ডখন এটিএম মেচিনৰ পৰা ওলাই নহাত সমীপতে থকা বেংকটোত সুধিবলৈ যাওঁতেই কোনো দুৰ্বৃত্তই সেই কাৰ্ডখনেৰে উলিয়াই নিয়ে ধন । কেৱল এটিএমৰ পৰাই নহয়, কাৰ্ড চুয়াইপ জৰিয়তে বজাৰ কৰিও ধন আত্মসাৎ কৰে দুৰ্বৃত্তই ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত চিকিৎসক গৰাকীয়ে লতাশিল থানাত এখন এজাহাৰ দাখিল কৰিছে। সমগ্ৰ ঘটনাক লৈ বৰ্তমান সময়ত চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলজুৰি।