শিৱ মন্দিৰত লংকাকাণ্ডঃ মন্দিৰৰ ভূমি বেদখলৰ চেষ্টা সিয়াব উদ্দিন নামৰ এজনৰ... 
অসম

শিৱ মন্দিৰত লংকাকাণ্ডঃ মন্দিৰৰ ভূমি বেদখলৰ চেষ্টা সিয়াব উদ্দিন নামৰ এজনৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰঃ কৰিমগঞ্জ জিলাৰ নীলামবজাৰ কালিমন্দিৰ চৌহদত আজি সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। এটা টিউবৱেল স্থাপনক লৈ দুটা সম্প্ৰদায়ৰ লোকৰ মাজত সৃষ্টি হয় সংঘৰ্ষ। ফলত সমগ্ৰ অঞ্চলটোত আতংক বিয়পি পৰিছে।

জানিব পৰা মতে মন্দিৰৰ কাষত এটি টিউৱেল স্থাপনক লৈ প্ৰথমৰে পৰা আপত্তি আছিল মন্দিৰ কমিটীৰ। এই বিষয়ক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে এখন সভাও অনুষ্ঠিত হৈছিল।

কিন্তু তাৰ মাজতে আজি বিতৰ্কিত স্থানত টিউৱেল স্থাপন কৰাত নামি পৰে স্থানীয় আপ নেতা সিয়াব উদ্দিন। এইগৰাকী আপ নেতাৰ ঘৰ মন্দিৰৰ কাষতেই। সেয়ে মন্দিৰৰ ভূমি দখল কৰিবলৈকে তেওঁ এইদৰে বিতৰ্কিত ভূমিত টিউৱেল স্থাপন কৰাত নামি পৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

সেয়ে মন্দিৰৰ লোকে তেওঁক টিউবেল স্থাপনত বাধা প্ৰদান কৰে। ইয়াৰ পিছতে আপ নেতাগৰাকীয়ে হাতত লাঠি লৈ তেওঁৰ ভাতৃ আৰু একাংশ সাংগু-পাংগুয়ে মন্দিৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে।

লগতে মাৰপিট কৰে মন্দিৰটোলৈ অহা বিভিন্ন শ্ৰেণীৰ ভক্ত আৰু পুৰোহিত। ফলত মন্দিৰটোৰ যজ্ঞকুণ্ডৰ লগতে অন্যান্য সা-সামগ্ৰীৰ বিস্তৰ ক্ষতি সাধন হয়। ইয়াৰ পিছতে মন্দিৰটোলৈ অহা আন একাংশ স্থানীয় যুৱকে সিয়াব উদ্দিন আৰু তেওঁৰ সতীৰ্থৰ মন্দিৰ ভঙাৰ বাবে খেদি গৈ ওলোটাই প্ৰহাৰ কৰে।

ফলত দুয়ো পক্ষৰ মাজত চলে সংঘাত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে মূল অভিযুক্ত সিয়াব উদ্দিনক গ্ৰেপ্তাৰ কৰিছে। সমান্তৰালকৈ আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত।

পৰস্থিতি যাতে কোনো কাৰণতে অৱনতি নহয় তাৰ বাবে মন্দিৰ চৌহদৰ লগতে অঞ্চলটোত মোতায়েন কৰা হৈছে আৰক্ষী। আনহাতে এই ঘটনাৰ পিছতে স্থানীয় বিজেপি নেত্ৰী শিপ্ৰা গুনসহ একাংশ হিন্দুত্ববাদী দল, সংগঠনৰ স্থানীয়ও নেতা গৈ ঘটনাস্থলীত উপস্থিত হয়গৈ।

তেওঁলোকে এই কাণ্ডক নিন্দা কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। আনহাতে আৰক্ষীয়ে মন্দিৰৰ চি চি টিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় হিন্দু আৰু মুছলমান ধৰ্মীয় লোকসকলৰ মাজত তীব্ৰ আটংক আৰু চেপা উত্তেজনাই বিৰাজ কৰিছে।