অসম

ক্ষতিপূৰণ নহয়, বানত ককবকাই থকা কৃষকক অতুল বৰাই দেখুৱাইছে দ্ৰোণৰ চমক

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ অসম তথা গৃহ সমষ্টি বোকাখাতৰ কৃষি খণ্ডত দুটাকৈ কাৰ্যকালত বিশেষ একো উন্নয়ণ সাধিব নোৱাৰা কৃষি মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই কৃষকৰ পৰা হিতাধিকাৰীলৈ পৰিবৰ্তন কৰি কোঙা কৰি তোলা কৃষকক মাজে মাজে চমক দি দায়িত্বভাৰ সামৰি অহাৰ কথা নতুন নহয়।

এইবাৰ বোকাখাত বিধান সভা সমষ্টিত মন্ত্ৰী অতুল বৰাৰ চমক । বোকাখাতৰ ধাননি পথাৰত ড্ৰোণৰ জৰিয়তে ৰাসায়নিক সাৰ আৰু কীটনাশক ছটিয়াব বছৰটোৰ সৰহভাগ সময়ত বানপানীত ককবকাই থকা হিতাধিকাৰী কৃষকে।

অলপতে কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ মহুৰা পথাৰত পৰীক্ষামূলকভাৱে দ্ৰোণ উৰুৱাই এতিয়াৰ পৰা কৃষকে উন্নত প্ৰযুক্তিৰ সহায়ত কৃষিকাৰ্য কৰিব পাৰিব বুলি এক প্ৰকাৰ নতুন চমক দিয়ে। উল্লেখযোগ্য ২৪ কিঃগ্ৰাঃ ওজনৰ ড্ৰোণখনত সংলগ্ন আছে ১০ লিটাৰ ধাৰণ ক্ষমতাৰ এটা টেংকি আৰু ই চাৰিটা শ্বে' ন'জেল। বেটাৰীচালিত এই ড্রোণখনে ১৮ মিনিট সময়ত ২-৩ একৰ কৃষিভূমিত স্প্রে' কৰিব পাৰিব বুলি কোৱা হয়।

গোলাঘাট কৃষি বিজ্ঞান কেন্দ্র, অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিভাগ আৰু বোকাখাতৰ ৰজাবাৰীৰ বৃহৎগম কৃষি উৎপাদক কোম্পানীৰ সহযোগত কৃষিকাৰ্যত ড্রোণ প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰীক্ষামূলক প্ৰদৰ্শন কৰা হয়।

কিন্তু ইয়াৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে বোকাখাত বিধান সভা সমষ্টিৰ একাংশ সচেতন কৃষকে - "কৃষিখণ্ডত উন্নত প্ৰযুক্তি ইতিমধ্যেই ব্যৱহাৰ আৰম্ভ হৈছ, এই ক্ষেত্ৰত আমাৰ আপত্তি কৰিবলগীয়া নাই কিন্তু আজিলৈকে যিবোৰ কৃষি পথাৰত ২৪ ঘণ্টাই পানীযোগানৰ ব্যৱস্থা কৰা নহ'ল, বছৰটোৰ অধিকাংশ সময়ত শালিখেতি বানপানীৰ তলত সোমাই থকাৰ পৰা ৰক্ষা কৰিব পৰা নগ'ল। যি সময়ত কৃষিখণ্ডৰ সৰহভাগ আঁচনি মন্ত্ৰীৰ সাংগোপাংগই লাভ কৰে তেনে সময়ত আমাৰ কৃষকে আধুনিক ড্ৰোণৰ স্বপ্ন দেখিব পাৰেনে ?"

ইফালে কিন্তু কৃষিখণ্ডৰ এটা এটাকৈ বিয়াগোম কেলেংকাৰীক উদঙাই দিয়া সাংবাদিকক "আমি চাই আছো" - বুলি সংবাদমেল পাতি ভাবুকি দিয়া কৃষিমন্ত্ৰীৰ প্ৰতি প্ৰশ্ন কৰে বোকাখাত বিধান সভা সমষ্টিৰ কৃষকে, তেওঁলোকে প্ৰশ্ন কৰে - "উন্নত প্ৰযুক্তি দ্ৰোণৰ সহায়ত কৃষি পথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা এইসকল কৃষক কোন ?

বছৰৰ অধিক সময় ব্ৰহ্মপুত্ৰ- ধনশিৰি- গেলাবিল নদীৰ বানপানীত কৃষিভূমি বুৰ গৈ থকা কৃষক নহয়নে, আপোনাৰ দুটাকৈ কাৰ্যকালত এইসকল বোকাখাতৰ ক্ষতিগ্ৰস্ত কৃষকে ক্ষতিপূৰণ পালেনে ? উন্নত প্ৰযুক্তিৰ সপোন দেখিব পৰাকৈ এইসকল কৃষকে পালেনে কৃষি বিমাৰ ধন?

এজন ভুক্তভোগী কৃষকে কয় "বছৰে বছৰে বানপানীৰ ক্ষতিহোৱা খেতিৰ ক্ষতিপূৰণ বিছাৰি একপ্ৰকাৰ আমাৰ হাৰাশাস্তিহে। হয়, কৃষিবিভাগৰ কাৰ্যালয়ে বিচৰা বিভিন্ন নথি-পত্ৰৰ যোগাৰ দি আমি আজিলকৈ আমাৰ মন্ত্ৰী গৰাকীৰ পৰা কোনো ক্ষতিপুৰণ লাভ কৰিবলৈ সক্ষম নহ'লো" ।

আনহাতে ২০২১ চনত সংঘটিত শিলাবৃষ্টিত ধ্বংস হোৱা হাজাৰ হাজাৰ হেক্টৰ সৰিয়হ, ৰঙালাও, বিলাহী খেতিৰ কৃষকে ক্ষতিপুৰণৰ নামত আজিও ফুটাকৰি এটাই লাভ নকৰিলে বোকাখাত সমষ্টিত।

"শিলাবৃষ্টি চালনীৰ দৰে হোৱা সেইসকলৰ কৃষকৰ ঘৰৰ মুধচত দেখোন আপুনি মাত্ৰ দহ ফুট বাই দহ ফুট এখন তীৰ্পালেৰেই ক্ষতিপুৰণৰ নামত দায় সাৰিছিল? ক্ষতিপুৰণৰ নামত আপুনিয়েই দেখোন গাঁওবোৰত মেলি দিছিল জাক জাক দালাল। এতিয়া এইসকল কৃষকে উন্নত প্ৰযুক্তিৰ সপোন দেখিব পাৰিবনে?" - এইদৰেই ২০২১ বৰ্ষত ভয়ংকৰ শিলবৃষ্টিত সৰ্বশ্ৰান্ত হোৱা সমষ্টিটো ৰঙাগৰা গাওঁৰ এজন কৃষকে ক্ষোভ প্ৰকাশ কৰে এজন কৃষকে।

উল্লেখযোগ্য যে, এইদৰে উন্নত প্ৰযুক্তিৰ নামত ট্ৰেক্টৰেই হওক বা পাৱাৰ টিলাৰেই হওক বা উন্নত বীজেই হওক বোকাখাত বিধানসভা সমষ্টিত কিন্তু মন্ত্ৰী অতুল বৰাৰ সাংগোপাংগ এচাম তথাকথিত কৃষকে লাভ কৰি অহাৰ অভিযোগহে উত্থাপিত হৈ আহিছে। প্ৰকৃত কৃষকে লাভ কৰা নাই এনে সুবিধা।তেনেক্ষেত্ৰত দ্ৰোণৰ স্বপ্ন এক বাতুলামি বুলিহে মন্তব্য কৰিছে এচাম কৃষকে।

ইফালে যিটো সময়ত মন্ত্ৰী অতুল বৰাই কৃষকক উন্নত প্ৰযুক্তিৰ সপোন দেখাইছে সেই সময়ত বোকাখাতত এটা সুচল পথৰ অভাবত তিনি কিলোমিটাৰ পথ থেলাত চিকিৎসালয়লৈ আনিব লগীয়া হৈছে সেই কৃষকৰেই পত্নীক। একে সময়তে উক্ত অঞ্চলত মন্ত্ৰী অতুল বৰাক দেখা গৈছিল বানপিড়িতৰ খবৰ ল'বলৈ যোৱাৰ সময়ত কোট-পেণ্ট পিন্ধি বিলাসী মৎস চিকাৰতহে ।