অসম

পুনৰ দুৰ্ঘটনাত পতিত মন্ত্ৰীৰ কনভয়; আহত...

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় দেওপাহাৰৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হ'ল মন্ত্ৰীৰ কনভয়। গোলাঘাটৰ পৰা বোকাখাত অভিমুখে মন্ত্ৰী অতুল বৰাৰ সৈতে যোৱা কনভয়ৰ গাড়ীৰে মুখামুখি সংঘৰ্ষ বিপৰীত দিশৰ পৰা অহা "টাটা যুদ্ধা" বাহনৰ।

অতুল বৰাৰ লগত যোৱা এ এচ-৩০-৮৮৫২ নম্বৰৰ (বলেৰ') কনভয় আৰু এ এচ-০৩-চি চি ৩৯৩০ নম্বৰৰ টাটা বাহনখনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত দুয়োখন গাড়ীৰ অনিষ্ট হোৱাৰ লগতে চালকসহ আন এজন আহত হৈছে। উল্লেখ্য ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে নুমলীগড় আৰক্ষী আৰু বোকাখাট আৰক্ষী।