চেঞ্চুৰী কোবালে অসম চৰকাৰেঃ ঘোষণা কৰিলে ২২ হাজাৰ চাকৰি, ৪ খন জিলা, ৮১খন উপ-জিলা... 
অসম

চেঞ্চুৰী কোবালে অসম চৰকাৰেঃ ঘোষণা কৰিলে ২২ হাজাৰ চাকৰি, ৪ খন জিলা, ৮১খন উপ-জিলা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ আজি ১০০ সংখ্যক কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। ড০ শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ পাছতে এটাৰ পাছত এটাকৈ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

বীৰ লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখি, বিহুৰ প্ৰদৰ্শনেৰে ৰেকৰ্ড গঢ়াৰ পাছত এইবাৰ গছ পুলি ৰোপণেৰে ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি চলাই থকাৰ মাজতে আন এক ৰেৰ্ডৰ অধিকাৰী হ'ল এই চৰকাৰখন।

যোৱা ২ বছৰ ৪ টা মাহত এই চৰকাৰখনে সম্পন্ন কৰিলে মুঠ ১০০ খন কেবিনেট বৈঠক। যি অসমৰ ইতিহাসত এক উল্লেখনীয় ৰেকৰ্ড হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সেয়ে অসম চৰকাৰৰ আজিৰ কেবিনেট বৈঠকক বিৰল আৰু ঐতিহাসিক আখ্যা দিলে।

কেবিটেন বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি ড০ শৰ্মাই কয়, যোৱা ২০ টা বছৰত ৰাজ্যত মুঠ ২৬৪ খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু বৰ্তমানৰ চৰকাৰখনে মাত্ৰ ২ বছৰ ৪ মাহতে ১০০ খন কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে।

তেওঁ এই কথা ক'বলৈ গৈ ২০০২ চনৰ পৰা ২০২৩ লৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ এক তালিকাও দাঙি ধৰে। তেওঁ কয়, ২০০২ চনৰ পৰা ২০০৪ চনলৈ ৫২ খন, ২০০৫ ৰ পৰা ২০০৭ লৈ ৫০ খন, ২০০৭ ৰ পৰা ২০১১ লৈ ৫২ খন, ২০১১ ৰ পৰা ২০১৪ লৈ ৩৫ খন, ২০১৫ ৰ পৰা ২০১৭ লৈ ৩৭ খন, ২০১৭ ৰ পৰা ২০২০ লৈ ৩১ খন আৰু ২০২০ ৰ পৰা ২০২১ লৈ এটা বছৰত অনুষ্ঠিত হৈছিল ৭ খন কেবিনেট বৈঠক।

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকখন ইতিমধ্যে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকসমূহৰ ভিতৰত আটাইতকৈ দীঘলীয়া আখ্যা দি তেওঁ কয়, আজিৰ কেবিনেট বৈঠকখনেই আটাইতকৈ দীঘল কেবিনেট বৈঠক। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকখন বিয়লি ৪-১৫ বজালৈ অনুষ্ঠিত হয়। আৰু এঘণ্টা অধিক সময় কেবিনেট বৈঠকখন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কেবিনেটৰ বাতৰি সংগ্ৰহৰ বাবে ৰৈ থকা সাংবাদিকসকলৰ কথা ভাবিয়েই তেওঁলোকে এঘণ্টা পূৰ্বেই কেবিনেট বৈঠকখন সমাপ্ত কৰা বুলিও উল্লেখ কৰে।

ইফালে যোৱা ৯৯ খন কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ এক বুকলেটো আজি প্ৰকাশ কৰা হৈছে। এই বুকলেটখনত যোৱা কেবিনেটসমূহত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মেলত উল্লেখ কৰা অনুসৰি যোৱা ৯৯ খন কেবিনেট বৈঠকত মুঠ ১২৩৮ টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰে ১২৭৭ টা সিদ্ধান্তই কাৰ্যকৰী হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, কেবিনেটত গ্ৰহণ কৰা ১২৩৮ টা সিদ্ধান্তৰ ১২৭৭ টা সিদ্ধান্তই অৰ্থাৎ ৯৮ শতাংশই কাৰ্যকৰী কৰা হৈছে।

কাৰ্যকৰী হোৱা ১২৭৭ টা সিদ্ধান্তৰ ভিতৰত ৭০/৮০ শতাংশ সিদ্ধান্ত সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ বিপৰীতে অৱশিষ্ট ২০ ৰ পৰা ৩০ শতাংশ সিদ্ধান্ত আংশিকভাৱে কাৰ্যকৰী কৰা হৈছে।

তেওঁ আজি প্ৰকাশ কৰা কেবিনেট বৈঠকৰ বুকলেটখনত এই সকলোবোৰ উল্লেখ কৰাৰ কথা কৈ কয়, ভৱিষ্যতে এই বুকলেটখন অসমৰ প্ৰশাসনীক বুৰঞ্জীৰ সহায় হ'ব। লগতে তেওঁৰ চৰকাৰখনে যোৱা আঢ়ৈতা বছৰত বিশাল কৰ্মযজ্ঞ হাতত লোৱা হৈছিল বুলিও সংবাদ মেলখনত কয়।

আজিৰ এই ১০০ সংখ্যক কেবিনেট বৈঠকখনতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত ২২ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিয়াৰ কথা ঘোষণা কৰিছে। অৱশ্যে এই বিজ্ঞাপন কেতিয়া প্ৰকাশ কৰিব সেই তাৰিখ ঘোষণা কৰা নাই।

আজিৰ কেবিনেট বৈঠকতে তেওঁ ৰাজ্যৰ প্ৰশাসনীয় পৰিকাঠামো সলনি কৰাৰো সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। সেই অনুসৰি ৰাজ্যত ইতিপূৰ্বে বিলুপ্ত কৰা ৪ খন জিলা ক্ৰমে, বজালী, তামুলপুৰ, বিশ্বনাথ আৰু হোজাই পুনৰ গঠন কৰা হৈছে।

ইয়াৰোপৰি ৮১ খন উপ-জিলা গঠন কৰা হৈছে। এই উপ-জিলা কেইখনত থাকিব একোজনকৈ অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি আৰু চক্ৰ বিষয়া। স্বয়ং প্ৰশাসনিক ব্যৱস্থা থাকিব উপ-জিলাত।

ইয়াৰোপৰি আজিৰ কেবিনেট বৈঠকে ৰাজ্যৰ মোডী অৰ্থাৎ ম'ষ্ট আউটষ্টেণ্ডিং ডিষ্ট্ৰিক্ট ইনিছিয়েটিভ স্বচ্ছ জিলা পুৰস্কাৰো ঘোষণা কৰিছে। স্বচ্ছতাৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব মুঠ ১০০ কোটি টকাৰ পুৰস্কাৰ। জিলাসমূহৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা মুঠ ১০৮ টা নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব।

ইয়াৰোপৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ছেমি কণ্ডাক্টৰ পলিচি। আনহাতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা টেটত লাভ কৰা নম্বৰকেই মুখ্যতঃ নিযুক্তিৰ মুখ্য নম্বৰ হিচাপে ধৰা হ'ব। গুৱাহাটীৰ বিভিন্ন স্থানত চিচিটিভি সংস্থাপনৰ বাবে ব্যয় কৰিব ২৩০ কোটি টকা। এই টকাত অনুমোদন জনাইছে আজিৰ কেবিনেটে।

ইফালে ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া মহাৰণৰ সমান্তৰালকৈ সংগীত মহাৰণ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰোপৰি বিধৱা পেঞ্চন ৯৫০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।