অসম

এবিভিপি উদ্যোগত বাসুগাঁৱত ভোটাৰ সচেতনতামূলক প্ৰচাৰ অভিযান..

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচনক এক গণতন্ত্ৰৰ উৎসৱ বুলি আখ্যা দিয়া হৈছে। ভাৰতবৰ্ষৰ এই গণতন্ত্ৰৰ উৎসৱৰ ভোটগ্ৰহণ দিনা যাতে দেশৰ সকলো শ্ৰেণীৰ ৰাইজে নিৰ্ভয়ে ঘৰৰ পৰা ওলাই আহি শংকামুক্তভাৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে তাৰ ভোটাৰ ৰাইজক অধিক সচেতন আৰু আকৰ্ষিত কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগৰ লগতে বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ পৰা সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

চিৰাং জিলাৰ বাসুগাঁও শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত নতুন ভোটা তথা ছাত্র-ছাত্রীসকলে ৰাইজৰ মাজত গৈ "NATION FIRST VOTING MUST" শীৰ্ষক বাৰ্তা লৈ সজাগতামূলক প্ৰচাৰ অভিযান চলাই থকা হৈছে। ভোটগ্ৰহণৰ দিনা সকলোৱে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে সৰ্বসাধাৰণ ৰাইজক আহ্বান কৰা হৈছে।

গণতান্ত্ৰিক দেনত ভোটদান আমাৰ কৰ্তব্য, এই কৰ্তব্যৰ পৰা কোনেও বিমুখ হ'ব নালাগে এনেধৰনৰ বাৰ্তাৰে এভিবিপি সদস্যসকলে বাসুগাঁও চহৰৰ ব্যবসায়ী প্ৰতিষ্ঠানৰ উপৰি মানুহৰ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাই থকা হৈছে। সামান্তৰালভাৱে সামাজিক মাধ্যম আৰু পোষ্টাৰৰ জৰিয়তে সমাজখনক অৱগত কৰিবলৈ চেষ্টা চলাইছে।

গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ এই বৃহৎ গনতন্ত্ৰৰ উৎসৱক সফল কৰি ভৱিষ্যত ভাৰতবৰ্ষক "বিশ্বগুৰু ভাৰত" হিচাপে গঢ়িবলৈ ৰাইজৰ বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ আহ্বান জনোৱাছে বুলি এবিভিপি বাসুগাঁও শাখাৰ নেতা স্বপ্ননীল কৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে ।