অসম

টাঙোনেৰে প্ৰহাৰ কৰি এজনক নৃশংসভাৱে হত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ, দুমুনিচকী:- কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত আল্টা গাঁৱত বৃহস্পতিবাৰে নিশা লোমহৰ্ষক ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি কালি নিশা প্ৰায় ৮ মান বজাত নয়ন ডেকা নামৰ লোকজনে একেখন গাঁৱৰে বিনয় ৰাজবংশী (৩৮) নামৰ লোকজনক টাঙোনেৰে প্ৰহাৰ কৰে।

মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত থিতাতে ঢলি পৰা বিনয়ক ততাতৈয়াকৈ জি এন আৰ চি হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে বিনয় ৰাজবংশীক মৃত বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে নয়ন ডেকা দীৰ্ঘদিনীধৰি মদৰ ব্যৱসায়ৰ সৈতে জড়িত। নিশা উক্ত ঘটনা সংঘটিত কৰি নয়নে পলায়ন কৰে যদিও বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে নয়নৰ ভাতৃ হৰদত্ত ডেকাক সোধ পোছৰ বাবে আটক কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।