অসম

বজালীৰ এখন বিদ্যালয়ৰ মাটি দখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Asomiya Pratidin

ডিজিটেল সংবাদ, বজালীঃ বজালীৰ এখন বিদ্যালয়ত মাটি দখলক কেন্দ্ৰ কৰি কুৰুক্ষেত্ৰ। বজালীৰ বাঘমাৰাৰ ১ নং কলবাৰী প্ৰাথমিক বিদ্যালয়ক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজে দীৰ্ঘদিন ধৰি ভূমি দখলৰ অভিযোগ উত্থাপন কৰি আহিছিল। প্ৰায় ৪০ বছৰ পূৰ্বে প্ৰধান শিক্ষক গৰাকীৰ পিতৃ নৰেশ্বৰ কলিতাই উক্ত বিদ্যালয়ৰ মাটিখিনি দান কৰিছিল l

কিন্তু প্ৰধান শিক্ষক গৰাকীৰ কাৰ্য্যকাল উকলি যোৱাৰ পিছত তেওঁ মাটিখিনি বিদ্যালয়ৰ পৰিৱৰ্তে নিজৰ দখলত আনাৰ চেষ্টা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

আজি ৰাইজে উক্ত ভূমিত অংগনবাদী কেন্দ্ৰ স্থপনৰ বাবে গৈছিল। তেনেতে প্ৰধান শিক্ষকৰ পৰিয়ালৰ ছোৱালী এজনীয়ে মহিলা এগৰাকীক আক্ৰমণ কৰি হাত ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰত্যুত্তৰত ৰাইজেও কৰে আক্ৰমণ ।

উক্ত ঘটনাত প্ৰধান শিক্ষক হিতেশ কলিতা, লিলি কলিতাকে আদি কৰি কেবাজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে।

উল্লেখ্য যে, প্ৰধান শিক্ষকগৰাকীৰ অৱসৰৰ পিছত সেই ভূমিখিনিক লৈ ৰাইজৰ লগত কেইবাদিনো ধৰি বিবাদ চলি আছিল। আজিৰ ঘটনা সন্দৰ্ভত উভয় পক্ষ ই বাঘমাৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে l