অসম

বজালীত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা, উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস...

Asomiya Pratidin

ডিজিটেল সংবাদ, বজালীঃ বজালীৰ নিত্যানন্দত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনালে শংকৰদেৱ শিশু বিদ্যা নিকেতনে প্ৰতিবৰ্ষৰ দৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰি অহা নিত্যানন্দৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনে ২০২৪ বৰ্ষতো অতি উন্নত ফলাফল লাভ কৰি নিত্যানন্দৰ লগতে বজালী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ।

উল্লেখ্য যে ২০২৪ বৰ্ষত এই নিকেতনৰ মুঠ ৪১গৰাকী ছাত্ৰ ছাত্ৰীৰ আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় শনিবাৰে নিকেতনত আয়োজিত এক অভিনন্দন অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক গামোচা আৰু মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ।

নিকেতনৰ এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাস । মন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।

এই নিকেতনৰ এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ বিশাল কলিতাৰ আগন্তুক দিনৰ পঢ়াৰ সহায়ৰ বাবে মন্ত্ৰী ৰণজিত কুমাৰ দাসে প্ৰতি মাহে তিনি হেজাৰকৈ টকা দিব বুলি ঘোষণা কৰে। আনহাতে নিকেতনখনত নিৰ্মানৰত বিজ্ঞান ভৱনৰ বাবে মন্ত্ৰীগৰাকীয়ে পাঁচ লাখ টকা দিব বুলি ঘোষণা কৰে ।